গুৱাহাটীঃ অসম সন্তানৰ জয়যাত্ৰা অব্যাহত৷ অহা আগষ্ট মাহত ৰাছীয়াত অনুষ্ঠিত হ’বলগীয়া ১৬ বছৰ অনুৰ্ধ বিশ্ব স্ন’কাৰ চেম্পিয়নশ্বিপৰ প্ৰশিক্ষণৰ বাবে ভাৰতীয় দলৰ হৈ নিৰ্বাচিত হৈছে গুৱাহাটী মহানগৰীৰ ভাঙাগড় নিৱাসী ড০ অশ্বিন কুমাৰ মহন্ত আৰু ববিতা মহন্তৰ একমাত্ৰ সন্তান ১৫ বছৰীয়া অভিনৱ মহন্ত। 

দশম শ্ৰেণীৰ ছাত্ৰ অভিনৱ, হিন্দুস্থান কেন্দ্ৰীয় বিদ্যালয়, ভাঙাগড়ৰ ছাত্ৰ। জানিব পৰা মতে অভিনৱ মহন্তই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰপৰা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱা প্ৰথম কুইষ্ট।