নতুন দিল্লীঃ যোৱা ২৭ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত ঘোষণা কৰিছিল যে ভাৰতে মহাকাশৰ নিম্ন উচ্চতাৰ কক্ষপথত থকা উপগ্ৰহ ধ্বংস কৰিব পৰা ক্ষমতা অৰ্জন কৰি এতিয়া সন্মানীয় মহাকাশ গোটৰ সদস্য হ’ল৷ 

মিছন শক্তি নামৰ এই পৰীক্ষণৰ সফলতাৰ পাছত আমেৰিকা, ৰাছিয়া আৰু চীনৰ পাছতে ভাৰতে মহাকাশৰ কৃত্ৰিম উপগ্ৰহ ভূভাগৰপৰা নিক্ষেপ কৰা ক্ষেপনাস্ত্ৰৰে ধ্বংস কৰাৰ ক্ষমতা অৰ্জন কৰিলে৷ 

ৰাজনৈতিকভাৱে এই পৰীক্ষণৰ সময়ক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়তে এইবাৰ এই পৰীক্ষণত সৃষ্টি হোৱা উপগ্ৰহৰ ভগ্নাৱশেষে চিন্তিত কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰ’ক৷

মিছন শক্তিৰ জৰিয়তে ডিআৰডিঅ’ই পৃথিৱীৰপৰা ৩০০ কিল’মিটাৰ উচ্চতাত থকা ৭০০ কিল’গ্ৰামৰ MicroSAT-R নামৰ এটা উপগ্ৰহ ধ্বংস কৰিছিল৷ ওড়িষাৰ উপকূলৰ আব্দুল কালাম দ্বীপৰপৰা নিক্ষেপ কৰা ক্ষেপনাস্ত্ৰই ধ্বংসকৃত উপগ্ৰহটোক প্ৰায় ৩০০ টুকুৰা কৰি নষ্ট কৰিছিল৷

এই টুকুৰাবোৰে এটা জাবৰৰ পটি সৃষ্টি কৰি উপগ্ৰহটোৰ কক্ষপথতে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকিব৷ ইয়াৰ ঘনত্বই কেইসপ্তাহমানৰ বাবে মহাকাশলৈ প্ৰক্ষেপ কৰিবলগীয়া যানত খুন্দা মৰাৰ সম্ভাৱণা প্ৰৱল বুলি প্ৰকাশ কৰিছে বিজ্ঞানীসকলে৷

ইফালে ইছৰ’ই কাইলৈ, অৰ্থাৎ ১ এপ্ৰিলত শ্ৰীহৰিকোটাৰপৰা পিএছএলভি মহাকাশ যান নিক্ষেপৰ পৰিকল্পনা কৰি ৰাখিছিল৷ সেয়ে মিছন শক্তিয়ে সৃষ্টি কৰা মহাকাশ জাবৰে চিন্তিত কৰিছে বিজ্ঞানীসকলৰ৷

ইছৰ’ৰ উপ-বৈজ্ঞানিক সচিব বিবেক সিঙে এই সন্দৰ্ভত কয় যে কাইলৈ প্ৰক্ষেপ কৰিবলগীয়া মহাকাশ যানখনৰ ক্ষেত্ৰত মহাকাশ জাবৰৰ সৈতে খুন্দা নাখাবলৈ অতিৰিক্ত সাৱধানতা গ্ৰহণ কৰা হ’ব৷