ডিজিটেল ডেস্কঃ বৰ্ধিত প্ৰদূষণ, গোলকীয় উষ্ণতা বৃদ্ধি, জনসংখ্যা বিস্ফোৰণ আদিৰ ফলত অতি শীঘ্ৰেই পৃথিৱী নামৰ সেউজীয়া গ্ৰহটো মানুহৰ বসবাসৰ বাবে অনুপযোগী হৈ পৰিব। সেয়ে সময় থাকোতেই মানুহৰ বসতিযোগ্য নতুন গ্ৰহৰ সন্ধান আৰম্ভ কৰা উচিত। এই মন্তব্য কৰিছে বিজ্ঞানী ষ্টিফেন হকিঙে।

আগন্তুক এশ বছৰৰ ভিতৰতে নতুন গ্ৰহৰ সন্ধান কৰি পৃথিৱী এৰাৰ বাবে আহ্বান জনাইছে হকিঙে। নহ’লে বিপদ অনিবাৰ্য্য বুলি বিশ্ববাসীক সাৱধানবাণী শুনাইছে ষ্টিফেন হকিঙে।

'এক্সপেডিশ্যন ন্যু আৰ্থ’ শীৰ্ষক তথ্যচিত্ৰখনত এনেধৰণেই নতুন পৃথিৱীৰ সন্ধান কৰা দেখা যাব বিজ্ঞানী ষ্টিফেন হকিঙক। তেঁওৰ সহযোগী হ’ব শিষ্য ক্ৰিষ্টোভ গালফ্ৰেডে। বিবিচিত আৰম্ভ হ’বলগীয়া তথ্যচিত্ৰৰ এই ধাৰাবাহিক অনুষ্ঠানটোত ব্ৰিটেইনৰ সৰ্বশ্ৰেষ্ঠ আৱিস্কাৰৰ বিষয়ে অনুসন্ধান কৰা হ’ব।

প্ৰযুক্তিৰ সৈতে মানুহে খোজ মিলাই উন্নয়নৰ গতি অতিমাত্ৰা আগ্ৰাসনমূলক হৈ পৰা বুলি ইয়াৰ আগেয়ে মন্তব্য কৰিছিল ৭৫ বৰ্ষীয় বিজ্ঞানী ষ্টিফেন হকিঙে। প্ৰজাতি হিচাপে মানুহে জীয়াই থকাৰ যোগ্যতা হেৰুৱাই পেলাব পাৰে বুলি হকিঙে আশংকা ব্যক্ত কৰিছিল।