তেজপুৰঃ আগন্তক লোকসভা নিৰ্বাচন ২০১৯ৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ জিলা নিৰ্বাচনী আয়োগৰ উদ্যোগত ৰাইজক সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। 

লোকসভা নিৰ্বাচন ২০১৯ ত ভোটাৰে যাতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰপৰা বঞ্চিত হ’বলগীয়া নহয়, লগতে এইবাৰ নিৰ্বাচনত ভি ভি পেট(VVPAT) ৰ জৰিয়তে কিদৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব তাৰ লগত সংগতি ৰাখি শোনিতপুৰ জিলাৰ চাৰিদুৱাৰৰ বুধবৰীয়া সাপ্তাহিক বজাৰ আৰু ফৰেষ্ট গেট চেন্টাৰত এখনকৈ বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজলৈ এই বাৰ্তা প্ৰদান কৰে।