Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

গুৱাহাটীঃ গুৱাহাটীৰ মহানগৰীৰ আমবাৰীস্থিত 'জাগৰণ আর্টফেড’ত শনিবাৰ ৰাতি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা। ৰাতি প্ৰায় ১০.৪৫ বজাত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে জুইত জাহ বহুতো মূল্যৱান সামগ্ৰী।

বৈদ্যুতিক শ্বট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিবলৈ দিছে পৰিচালক সঞ্চালক মুকুল চন্দ্ৰ ডেকা। ডেকাই লগতে জানিবলৈ দিয়ে যে নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ প্ৰথম প্ৰত্যক্ষ কৰিছিল 'জাগৰণ আৰ্টফেড’ৰ কৰ্মচাৰী ধীৰেণ নাথে। 

উল্লেখ যে পৰিচালক সঞ্চালক মুকুল চন্দ্ৰ ডেকাই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫০ লাখৰো অধিক টকাৰ মূল্যৱান সামগ্ৰী জুইত জাহ যোৱা বুলি জানিবলৈ দিয়ে। তাৰ ভিতৰত কম্পিউটাৰ ৩ টা, জেৰক্স মেচিন ১ টা, এচি ১ টা, ফেক্স মেচিন ১ টা, আলমিৰা ৯ টা, ষ্টিলৰেগ ৮ টা, ফেন ১০ খন, কাঠৰ টেবুল ৪ খন, চকী ২৬ খন, কাৰ্যলয় টেবুল ১৮ খন অগ্নিকাণ্ডত ছাই হৈ যায়। ইয়াৰ উপৰি বিভিন্ন তথ্য-পাতিও এই অগ্নিকাণ্ডত জাহ যায় বুলি তেওঁ জানিবলৈ দিয়ে। 

উল্লেখ যে কৰ্মচাৰীসকলৰ অভিযোগ অনুসৰি গৃহটো বহু পুৰণি। এই গৃহটো ১৯৫৫ চনতে নিৰ্মাণ কৰা হৈছিল। ফলত বৈদ্যুতিক বিজুটি ঘটাৰ সন্দেহ আগৰেপৰাই আছিল। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈছিল যদিও জুয়ে ভয়ংকৰ ৰূপ লোৱা নিৰ্বাপিত কৰিবলৈ প্ৰায় সময় লাগে ২ ৰপৰা আঢ়ৈ ঘণ্টা। ৮ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।