গুৱাহাটীঃ মহানগৰীত জিএমচি উচ্ছেদ অভিযান অব্যাহত আছে। পানবজাৰৰ পদপাথত বে-আইনীভাৱে গঢ়ি উঠা দোকানৰ বিৰুদ্ধে জিএমচিৰ উচ্ছেদ অভিযানৰ পাছতে শনিবাৰে গুৱাহাটী জিএমচিয়ে অভিযান চলালে মহানগৰীৰ ছয়মাইল আৰু ভিআইপি ৰোডত থকা মাংসৰ দোকানত। স্বাস্থ্য আৰু পৌৰ নিগমৰ পশু চিকিৎসা বিভাগৰ নির্দেশত উচ্ছেদ চলোৱা হয় মাংসৰ বিপনী সমূহত। উল্লেখ যে এই মাংস বিপনীসমূহ জিএমচিৰ অনুজ্ঞাপত্ৰ বিহীনভাৱে গঢ় লৈ উঠিছিল। ইয়াৰ উপৰি এই বিপনীসমূহে অস্বাস্থ্যকৰ পৰিৱেশত হাঁহ, কুকুৰা আৰু ছাগলী মাংস গ্ৰাহকক যোগান ধৰি আহিছিল।

উল্লেখ যে এই অবৈধ মাংস বিপনীসমূহ উচ্ছেদ কৰাৰ পূৰ্বে কেইবাবাৰো জিএমচি কৰ্তৃপক্ষই জাননী জাৰি কৰিছিল। কিন্তু জিএমচিৰ সেই জাননীলৈ কোনো গুৰুত্ব দিয়া নাছিল ব্যৱসায়ীসকলে। ফলত আজি জিএমচিয়ে নিজে উচ্ছেদ কৰিবলৈ বাধ্য হয়।

উল্লেখ যে আজি এই উচ্ছেদ অভিযানৰ সময়ত উপস্থিত থাকে জিএমচি পশু চিকিৎসা বিভাগৰ বিষয়া ড০ প্ৰদীপ মেধি। 

আনহাতে এই অভিযানত অনুজ্ঞাপত্ৰ নোহোৱা মাংস দোকানসমূহক জৰিমনাও বিহা হয়। কিন্তু জিএমচি উচ্ছেদ চলিব বুলি খবৰ পাই বহু মাংস বিপনীয়ে নিজৰ দোকান বন্ধ কৰি পলায়ন কৰে।

আনহাতে উচ্ছেদস্থলীত উপস্থিত থাকি ড০ প্ৰদীপ মেধিয়ে কয়, 'মহানগৰীত এই উচ্ছেদ অভিযান অব্যাহত থাকিব আৰু এনে ব্যৱসায়ীসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’

ইফালে জিএমচি কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি এই অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আগষ্টৰ ১২ তাৰিখলৈকে ধাৰাবাহিক উচ্ছেদ অভিযান অব্যাহত থাকিব।