গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত অহা ১১ মে' শনিবাৰে বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে ভাওনা, পুতলা নাচ আৰু আলোচনা-চক্ৰ সমাহাৰেৰে "লোকৰংগম" নামৰ এক ব্যক্তিক্ৰমী অনুষ্ঠান।

বৃহস্পতিবাৰে এই কথা এক সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে অনুষ্ঠানটোৰ সমন্বয়কৰ দায়িত্ব থকা সুব্ৰত দত্তই। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদমেলখনত দত্তই কয়, ১১ মে'ৰ দিনৰ ১১ বজাত "লোকৰংগম"ৰ আৰম্ভণি কৰা হব 'বাক্কলহ' নামৰ এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰৰে।

উক্ত আলোচনা চক্ৰত "আঞ্চলিকতাবাদ, যুৱ প্ৰজন্মৰ আৰু সংবাদ মাধ্যম" বিষয়ত ৰাজ্য ছয়টাকৈ ছাত্ৰ সংগঠনৰ একোজনকৈ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। সেই অনুসৰি আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ হৈ সাধাৰণ সম্পাদক লোৰিণজ্যোতি গগৈ, ছাত্ৰ মুক্তিৰ মানস কোঁৱাৰ, এছএফআই নিৰংকুশ নাথ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জ্যোতিময় কলিতা, এনএছইউআই জ্যোতিবিকাশ চাংমাই আৰু অখিল ভাৰত বিদ্যাৰ্থী পৰিষদৰ হৈ ৰাজ্যিক সম্পাদক ৰাজেশ দাস উক্ত আলোচনা চক্ৰত উপস্থিত থাকিব। অনুষ্ঠানটো পৰিচালনা কৰিব জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে।

ইয়াৰ উপৰি সংবাদমেলত তেওঁলোকে জানিবলৈ দিয়ে যে বিশ্ববিদ্যালয়খনৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে উক্ত দিনা সন্ধিয়া ৬.৩০ বজাত অসমৰ সমাজ জীৱনৰপৰা হেৰাই যাব ধৰা লোকসংস্কৃতি পুতলা নাচ প্ৰদৰ্শন কৰিব। উক্ত পুতলা নাচৰ জৰিয়তে বৰ্তমান সমাজৰ বিভিন্ন সমস্যা যেনে ভুৱা খবৰ, উৰাবাতৰি লগতে পথ সুৰক্ষাৰ দিশত সমাজক সজাগ কৰাৰ লক্ষ্যৰে হাস্য-ব্যংগ ৰূপত প্ৰদৰ্শন কৰা হ’ব এই পুতলা নাচ।

একেদৰে সন্ধিয়া ৭ বজাত বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে সম্পৰীক্ষামূলকভাৱে মঞ্চস্থ কৰা হ’ব শংকৰ গুৰুজনাৰ অংকীয়া নাট "ৰুক্মিণী হৰণ"।

উল্লেখ যে বিভাগটোৰ এই "লোকৰংগম" অনুষ্ঠানতোত সঁহাৰি জনাইছে অসমৰ চৰকাৰৰ পৰ্যটন বিভাগে। ইফালে অনুষ্ঠানতোৰ মুকলি কাৰ্যসূচীত উপস্থিত থাকিব বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, পঞ্জীয়ক আৰু বোকাজান সমষ্টিৰ বিধায়ক ডক্টৰ নোমল মমিন।