তেজপুৰ, অপুৰ্ব বৰাঃ :বৃহস্পতিবাৰে শোনিতপুৰ জিলা কবি সন্মিলনৰ অস্থায়ী কাৰ্যলয়ত অনুষ্ঠুপিয়াকৈ হীৰুদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত হৈ যায়। অনুষ্ঠান মুকলি কৰে  তেজপুৰৰ বিশিষ্ট কবি ক্ষীৰদা শইকীয়া দাসে।

হীৰু দাক শ্ৰদ্ধা জনাই কবিতা পাঠ অনুষ্ঠানৰ সঞ্চালনা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা কেসৱ চন্দ্ৰ দাসে। অনুষ্ঠানৰ হীৰুদাৰ স্মৰণত কবিতা পাঠ কৰে অনুপ অসমীয়া, দিব্য জ্যোতি দাস, মীনা মহন্ত, বিশ্বজ্যোতি নাথ, গায়ত্ৰী দাস বৰঠাকুৰ, শ্ৰেয়শ্ৰী দত্ত, উপাসনা শৰ্মাৰ লগতে জিলা সমিতি সমুহ সদস্য উপস্থিত থাকি সুগন্ধি কবি গৰাকীক শ্ৰদ্ধা জনায় কবিতা পাঠ কৰে।

অনুষ্ঠানৰ আট ধৰে শোনিতপুৰ জিলা কবি সন্মিলনৰ সম্পাদক অপুৰ্ব বৰাই৷