তেজপুৰঃ ১৯৮৬ চনত পথাৰৰ কবি খ্যাত ৰাম গগৈয়ে প্ৰতিষ্ঠা কৰা সদৌ অসম কবি সন্মিলনে অন্যতম জিলা শোনিতপুৰ জিলাৰ মধ্যকালিন অধিৱেশন তেজপুৰৰ ঐতিহ্যমণ্ডিত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ বাসগৃহ 'পকী’ত দিনজোৰা কাৰ্যসূচীৰে দেওবাৰে অনুষ্ঠিত হৈ যায়।

শোনিতপুৰ জিলা কবি সন্মিলনে সমূহ শাখাৰ বৃহৎ সংখ্যক প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰে। শোনিতপুৰ জিলা সন্মিলনৰ সভাপতি ডাঃ হৰেণ শইকীয়াই পতাকা উত্তোলন আৰু জিলা সম্পাদক অপুৰ্ব বৰাই স্মৃতি তৰ্পণ অনুষ্ঠানৰ মুকলি কৰে।

ইয়াৰ পাছতে জিলা সভাপতি হৰেন শইকীয়াৰ পৌৰহিত্বত তথা উপ-সভাপতি প্ৰদীপ কুমাৰ গাভৰুপৰীয়াৰ উদ্ধোধনত আৰম্ভ হয় সদৌ অসম কবি সন্মিলনৰ সভাখন। জিলা কবি সন্মিলনৰ ১২ টা শাখাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি সভাত সম্পাদকীয় প্ৰতিবেদন গ্ৰহণ কৰা লগতে কেইবাটাও পূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

বিয়লি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য যাদৱ শৰ্মাই উদ্ধোধন কৰা মুকলি সভাত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় বিষয়ববীয়া মদাৰজ্যোতি, সঞ্জীৱ সাগৰ চৌধুৰী, বিতোপন গগৈ আৰু পৱন শৰ্মা, ৰঞ্জিত বৰা, প্ৰদীপ কুমাৰ গাভৰুপৰীয়া শোণিতপুৰ জিলা কবি সন্মিলনৰ মধ্যকালিন অধিৱেশনৰ প্ৰকাশিত মুখপত্ৰ "শোণিতপুৰীয়া শব্দ সমলয়" উন্মোচন কৰে বিশিষ্ট কবি সঞ্জয় কুমাৰ তাঁতীয়ে।

শোনিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি ডাঃ হৰেন শইকীয়াৰ সঞ্চালনাত 
বিশিষ্ট কবি তৰুন বৰুৱা, খগেন হাজৰিকা, বাণী কান্ত দাস, সদানন্দ দাস, নৰহৰি চুতীয়া, মীনা  মহন্ত, গীতা শইকীয়া, উপাসনা শৰ্মা, ফাৰহান জাবেদ, পুনম দাস, কেশৱ নাথৰ লগতে তিনি কুৰি কবিৰ অংশগ্ৰহণৰে কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে।