তেজপুৰ, অপুৰ্ব বৰাঃ ডেৰশ বছৰ গৰকা শোনিতপুৰৰ তেজপুৰৰ অতিকে পুৰণি বিদ্যালয় শইকীয়া চুবুৰি মজলীয়া বিদ্যালত অসম সাহিত্য সভাৰ স্বৰ্ণ শাখা উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আজি শিশুৰ জনপ্ৰিয় অনুষ্ঠান হয়৷

বৃহত্তৰ উত্তৰ পশ্চিম তেজপুৰ অঞ্চলৰ শতাধিক কণ কণ শিশুয়ে অংশগ্ৰহণ কৰি অভিনয়, কবিতা আবৃত্তি, গীত আদি অনুষ্ঠান সামৰি আয়োজন কৰা কুঁহি অনুষ্ঠান আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সমাজকৰ্মী যতীন বৰাই৷

এই মৰ্মে, উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সভাপতি বংকিম বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা কুঁহিৰ উদ্দেশ্য ব্যাখ্যা কৰে 'উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সম্পাদক ৰবীন চন্দ্ৰ বৰাই৷ 

শোনিতপুৰ জিলাৰ স্বৰ্ণ শাখা উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সহ: সম্পাদক প্ৰণৱ শইকীয়া আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট শিল্পী সচিদানন্দ বৰাই সন্মানীয় অতিথিৰূপে শাখাৰ প্ৰাক্তন সভাপতি অৰুন বৰা উপস্থিত থকা অনুস্থানত ডেৰশ বছৰ গৰকা শোনিতপুৰ জিলাৰ অতিকে পুৰণি অনুষ্ঠানত স্বৰ্ণ  শাখা উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ কুঁহি অনুষ্ঠানত 'বৃহত্তৰ উত্তৰ পশ্চিম তেজপুৰ অঞ্চলৰ শতাধিক কণ কণ শিশুয়ে অংশগ্ৰহন কৰি অভিনয়, কবিতা, গীত আবৃত্তিৰে মুখৰিত কৰি তোলে।