তেজপুৰঃ অসম সাহিত্য সভাই শনিবাৰে তেজপুৰৰ লুম্মেৰদাই ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মশ্ৰী ৰং বং তেৰাঙক লুম্মেৰদাই সাহিত্য বঁটা প্ৰদান কৰে।

সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত প্ৰধান সম্পাদক পদুম ৰাজখোৱাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু কাৰ্যনিৰ্বাহক সদস্য যাদৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানটিৰ উদ্বোধন কৰে তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে।

অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে অৰুণাচলৰ বিশিষ্ট সাহিত্যিক আৰু অৰুণাচল প্ৰদেশৰ ব্যৱসায় আৰু বাণিজ্য বিভাগৰ সঞ্চালক টকং পাৰ্তিন, বিশিষ্ট অতিথি হিচাপে অৰুণাচলৰ প্ৰশাসনিক বিষয়া তথা বিশিষ্ট সাহিত্যিক অবাং দাই, শোণিতপুৰৰ উপায়ুক্ত নৰসিং পৱাৰ, জ্যেষ্ঠ প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱা, প্ৰচাৰ ভাৰতীৰ উপদেষ্টা দেৱেন্দ্ৰ নাথ বসুমতাৰী, লুম্মেৰদাইৰ পুত্ৰ মিবাং দাইকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লোৱা অনুষ্ঠানৰ বিশিষ্ট লোকসকলক অসম সাহিত্য সভাৰ তৰফৰপৰা শলাগ জ্ঞাপন কৰে।