নতুন দিল্লীঃ অহা ১৫ ডিচেম্বৰৰ পৰা চলাচল আৰম্ভ হ’ব ভাৰতৰ প্ৰথমখন ইঞ্জিন বিহীন,চালক বিহীন ছেমি-হাইস্পীদ ৰেলগাড়ীখনৰ।Train18K নামেৰে নামাকৰণ কৰা এই ট্ৰেৰেলগাড়ীখনৰ সৰ্বাধিক গতি ১৬০ কিমি হ’ব।এই ৰেলগাড়ীখন দিল্লী-ভূপাল অথবা দিল্লী-বাৰানসীৰ মাজত চলাচল কৰিব বুলি ৰেল মন্ত্ৰানালয়ৰ ফালৰ পৰা জনোৱা বুলি সংবাদ প্ৰতিস্থান পিটিআইয়ে প্ৰকাশ কৰিছে৷বৰ্তমান মোৰাদাবাদত এই ৰেলগাড়ীখনৰ পৰীক্ষামূলক চলাচল আৰম্ভ হৈছে৷যোৱা মাহত এই ৰেলগাড়ীখনৰ উদ্ধোধন ৰেলবৰ্ডৰ চেয়াৰমেন অশ্বিনী লোহানীয়ে কৰিছিল৷ 
 
এই ৰেলগাড়ীখনৰ বিষয়ে ১০টা গুৰুত্বপূর্ণ তথ্য পঢ়ক
 
১)এই ৰেলগাড়ীখন সম্পুৰ্নভাৱে শীত-তাপ নিয়ন্ত্ৰিত হ’ব ৷ 
২)এই ৰেলগাড়ীখন চালকবিহীন হ’ব৷ 
৩)এই ৰেলগাড়ীখনক ৩০ বছৰ পুৰনি শতাব্দী এক্সপ্ৰেছৰ উত্তৰসূৰী বুলি কোৱা হৈছে৷
৪)এই ৰেলগাড়ীখনত ১৬ টা দবা আৰু ১.১২৮খন আখন থাকিব৷
৫)এই ৰেলগাড়ীখন দেখিবলৈ বুলেট ট্ৰেইনৰ দৰে হ’ব৷
৬)এই ৰেলগাড়ীখনৰ মাজভাগত দুটা এক্সিকিউটিভ কম্পার্টমেন্ট আছে আৰু প্ৰত্যেকতো কম্পাৰ্টমেণ্টত আসনৰ সংখ্যা              ৫২খনকৈ থাকিব৷
৭)এই ৰেলগাড়ীখনৰ প্ৰত্যেকখন আসনেই ৩৬০ ডিগ্ৰী ঘুৰাব পৰা হ’ব৷ 
৮)এই ৰেলগাড়ীখন ষ্টেচনত ৰৈ যোৱাৰ পিচতহে স্বয়ংক্ৰিয়ভাৱে দুৱাৰবোৰ খোল খাব৷যাত্ৰীকোঠাৰ দুৱাৰবোৰ সম্পুৰ্নভাৱে      বন্ধ নহ’লে ৰেলগাড়ীখন নচলিব৷
৯)এই ৰেলগাড়ীখন ষ্টেচনত ৰৈ যোৱাৰ পিচত যাত্ৰীসকল নামিবলৈ স্বয়ংক্ৰিয়ভাৱে ছিৰি ওলাই আহি প্লেটফৰ্মত সংযুক্ত                হ’ব,ফলত ৰেলগাড়ী আৰু প্লেটফৰ্মৰ মাজত কোনো ফাঁক নাথাকিব৷
১০)এই ৰেলগাড়ীখনত ফ্ৰী ৱাই-ফাই, টাচ্চ-ফ্ৰী ভেকুৱাম টয়লেট, মোবাইলৰ চাৰ্জিং পইণ্ট ইত্যাদি থাকিব৷