ডিজিটেল ডেস্কঃ দ্য কম্পলিট মেন। প্ৰকৃতাৰ্থত সম্পূৰ্ণ মানুহ। এয়া হৈছে এটা বিখ্যাত কাপোৰ প্ৰস্তুতকাৰী সংস্থাৰ টেগলাইন। অৰ্থাৎ এই কোম্পানীটোৰ কাপোৰেৰে তৈয়াৰী পোছাক পিন্ধিলে মানুহ এজন সম্পূৰ্ণ হৈ পৰে। পিছে কাপোৰ পিন্ধিলেই জানো এজন মানুহ প্ৰকৃত মানুহ হ'ব পাৰে? 

১২০০০ কোটিৰ কোম্পানী নিজৰ পুত্ৰৰ হাতত গতাই এতিয়া এটা টকাৰ কাৰণে লোকৰ সহায় বিচাৰিবলগীয়া হৈছে এসময়ৰ কোটিপতি ব্যৱসায়ী তথা মানুহক প্ৰকৃতাৰ্থত সম্পূৰ্ণ মানুহ কৰি তোলা কাপোৰৰ বাবে বিশ্বখ্যাত কোম্পানী Raymondৰ মালিক ৭৮ বৰ্ষীয় বিজয়পত সিংহানিয়াই।

কিছুদিন পূৰ্বে আশা সাহানী নামৰ অসহায় মহিলা এগৰাকীৰ কংকাল মুম্বাইৰ এক অভিজাত এলেকাত উদ্ধাৰ হৈছিল। তেওঁৰ একমাত্ৰ পুত্ৰই আমেৰিকাত ধন ঘটাত ব্যস্ত থাকোতে মাতৃৰ খবৰ ল'বলৈ সময়েই নাপালে। অৱশেষত ভাৰতলৈ উভতি আহি মাকৰ পৰিৱৰ্তে কংকালৰ লগতহে মুখামুখি হ'বলগীয়া হয়।

এইবাৰ এনেধৰণৰ আন এক ঘটনাৰ বলি হ’বলগীয়াত পৰিছে দেশৰ বৃহৎ টেক্সটাইল ব্ৰেণ্ড Raymondৰ মালিক বিজয়পত সিংহানীয়া। একালৰ মুম্বাইৰ ছেৰিফ, ২০০৬ চনত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মভূষণেৰে সন্মানিত বিশিষ্ট ব্যৱসায়ী বিজয়পত সিংহানিয়াই নিজৰ অধিকাৰৰ বাবে আলাসৰ লাড়ু পুত্ৰৰ বিৰুদ্ধে আদালতৰ সহায় ল'বলগীয়া হৈছে।

২০১৫ চনত ব্যৱসায়ীজনে নিজৰ পুত্ৰ গৌতম সিংহানিয়াক Raymond কোম্পানীৰ সম্পূৰ্ণ শ্বেয়াৰ গতাই দিছিল। সেই সময়ত উক্ত শ্বেয়াৰখিনিৰ মূল্য আছিল ১০০০ কোটি টকা। লগতে মৰমতে পুত্ৰ গৌতমক মুম্বাইৰ মালৱাৰ হিলত থকা ৩৭ মহলীয়া  জে কে হাউছ নামৰ বাসভৱনটো উপহাৰ দিছিল। এতিয়া কোম্পানীৰ চি এম ডি হৈ কৌশলেৰে পুত্ৰ গৌতম সিংহানীয়াই পিতৃ বিজয়পতক সকলো সা-সম্পত্তিৰ পৰা বঞ্চিত কৰি ভাৰাঘৰত থাকিবলগীয়া অৱস্থা কৰিছে।

এসময়ত অকলে ইংলেণ্ডৰ পৰা বিমান চলাই ভাৰতলৈ অহা বিজয়পত সিংহানিয়াই এতিয়া গাড়ীৰ অভাৱত ভাৰা গাড়ী আৰু খোজকাঢ়ি অহা-যোৱা কৰিবলগীয়া হৈছে। মুকেশ আম্বানীৰ এণ্টালিয়াতকৈও ওখ বাসভৱনত বাসকৰা বিজয়পত সিংহানিয়াই শেহতীয়াকৈ অঘৰীৰ নিচিনাকৈ ভাৰাঘৰ বিচাৰিবলগীয়া হোৱাত সকলো হতবাক হৈ পৰিছে। প্ৰকাশিত বাতৰি মতে, বৰ্তমান দক্ষিণ মুম্বাইৰ এটা ভাৰাঘৰত একালৰ এই কোটিপতি ব্যৱসায়ীজনে আশ্ৰয় লৈ আছে।

ইফালে পুত্ৰৰ পৰা এই প্ৰতিদান লাভ কৰি সংবাদ মাধ্যমৰ জৰিয়তে সিংহানিয়াই প্ৰতিগৰাকী পিতৃ-মাতৃলৈ এটি বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয় যে সন্তানক কোনো পিতৃ-মাতৃয়ে অন্ধভাৱে মৰম কৰা উচিত নহয়।