ডিজিটেল ডেস্কঃ পুনৰ নতুন ৰূপত হোৱাটছ এপ৷ জনপ্ৰিয় মেছেজিং এপ হোৱাটছ এপে শেহতীয়াকৈ সংযোজন কৰিলে নতুন ফিচাৰ৷ এপটোৰ জৰিয়তে গ্ৰাহকে ডিলিট কৰা ফটো, ভিডিঅ’ পুনৰ পাব পৰাৰ এক নতুন ফিচাৰ সংযোগ কৰিলে৷ হোৱাটছ এপ নতুন সংস্কৰণত এই পদ্ধকি সংযোজন কৰাৰ কথা উল্লেখ কৰিছে৷

নতুন ফিচাৰত ডিলিট হোৱা তথ্য যেনে ভিডিঅ’, ছবি, ভয়েচ মেচেজ, জিআইএফ নতুবা অন্য অন্য তথ্য পুনৰাই ডাউনলোড কৰিব পৰা পদ্ধতি সংযোগ কৰিছে৷ ডিলিট হোৱা স্মাৰ্টফোনৰ ইণ্টাৰনেল ষ্টৰেজত এই তথ্য বিচাৰি পাব গ্ৰাহকে৷ ডিলিট হোৱা তথ্য মাথো ৩০ দিনৰ ভিতৰত এবাৰহে উদ্ধাৰ কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে৷ কেৱল এণ্ডৰয়েড স্মাৰ্টফোনত এই সুবিধা পোৱা যাব৷ 

ইয়াৰ পূৰ্বে লোক্যশন কোনেও ট্ৰেক কৰিব নোৱাৰাৰ সুবিধা সংযোগ কৰিছিল হোৱাটছ এপে৷ ১৫ মিনিট, ১ ঘন্টাৰ পৰা ৮ ঘন্টালৈ লোকেশ্যন চেয়াৰ কৰিব পাৰে হোৱাটছ এপত৷ ২০১৭ চনৰ ফেব্ৰুৱাৰি মাহত ভাৰতত হোৱাটছএপ ব্যৱহাৰকাৰীৰ সংখ্যা ২০ কোটিৰো অধিক হৈছিল৷ বিশ্বৰ ভিতৰত হোৱাটছএপ ব্যৱহাৰকাৰীৰ সংখ্যা ভাৰতত বেছি৷