গুৱাহাটীঃ গুৱাহাটী মহানগৰীত পৱন হাজৰিকা নামৰ যুৱকজনৰ মৃত্যুক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বহিৰাগত বণিয়াৰ মানসিক অত্যাচাৰত অসমীয়া যুৱক পৱন হাজৰিকাই চৰম পন্থা লোৱাৰ অভিযোগক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ব্যৱসায়িক সহযোগী অংকিত আগৰৱালাৰ অত্যাচাৰ সহিব নোৱাৰি পৱন হাজৰিকাই কঠোৰ সিদ্ধান্ত লোৱাৰ সন্দেহ কৰিছে পৰিয়ালে৷ লখিমপুৰ নাৰায়ণপুৰৰ খিলঞ্জীয়া যুৱক পৱন হাজৰিকাই নিজকে স্বাৱলম্বী কৰিবলৈ গুৱাহাটীত থাকি অহোপুৰুষাৰ্থ কৰি গৈছিল৷
আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান এফেনিটি ক্লাছেছৰ পৰিচালন সঞ্চালক আছিল পৱন হাজৰিকা৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে পৱনে এদিন পূৰ্বে চৰম পন্থা গ্ৰহণ কৰিছিল৷ ছুইছাইড নোটত চৰম পন্থা লোৱাৰ কাৰণ উল্লেখ কৰিছে৷ দক্ষিণ গাঁৱৰ ঘৰ নং ৪২ ত পৱন হাজৰিকাৰ সন্দেহজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল৷ মৃতদেহৰ সৈতে উদ্ধাৰ হৈছিল এখন ছুইছাইড নোট৷ পৱন হাজৰিকাৰ পিতৃয়ে দাখিল কৰা এখন এজাহাৰত বহিৰাগত ব্যৱসায়ী অংকিত আগৰৱালাৰ লগতে তিনিজন লোকৰ নাম উল্লেখ কৰি এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে৷ অংকিত আগৰৱালাই মানসিক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উঠিছে৷ যাৰ বাবেই পৱনে চৰম পন্থা লোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷