বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথত প্ৰথমবাৰ চাওঁতালী দাসাই পৰ্ব সম্পন্ন হয় ৷ বালিচাং সাৰ্বজনীন দুৰ্গোৎসৱৰ পূজা মণ্ডপত ছেলাইখাতি দাসাই নৃত্যৰ দলে ধৰ্মীয় পৰম্পৰা অনুসৰি বিজয়া দশমীৰ দিনা দাসাই নৃত্য কৰে ৷ চাওঁতালসকলৰ জন বিশ্বাস অনুসৰি মহিষাসুৰ ওৰফে হুদুড়দুৰ্গা চাওঁতালসকল বীৰপুৰুষ তথা ৰজা আছিল ৷ তেওঁক বধ কৰাত শোকত ম্ৰিয়মাণ হোৱা চাওঁতালসকলে এই দাসাই নৃত্যযোগে দেৱীৰ ওচৰত দুখ আৰু ক্ষোভ প্ৰকাশ কৰাৰ লগতে ৰোদন কৰি এইদৰে পূজাৰ মণ্ডপে মণ্ডপে দাসাই নৃত্য প্ৰদৰ্শন কৰে ৷ এই নৃত্যই শাৰদীয় দুৰ্গোৎসৱক এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে।