গুৱাহাটীঃ দেশী-বিদেশীৰ পৰ্যটকক আকৰ্ষণ তথা অৱসৰ বিনোদনৰ বাবে গুৱাহাটীৰ মহানগৰীত অসম চৰকাৰৰ পৰ্যটন বিভাগে স্থাপন কৰা বহু সংখ্যক পার্ক তথা অৱসৰ বিনোদনৰ স্থলী এতিয়া ৰূপান্তৰ হৈছে একাংশ নাবালক তথা নৱ-প্ৰজন্মৰ বাবে অনৈতিক কাৰ্যৰ স্থলীলৈ। উপযুক্ত নিৰাপত্তাৰ নথকাৰ বাবে বহু সংখ্যক পাৰ্কক এতিয়া নৱপ্ৰজন্মই বাছি লৈছে মাদকদ্ৰব্য তথা ৰাগীয়াল দ্ৰব্য সেৱনৰ স্থলীলৈ। 

বৰ্তমান সময়ত যুৱ প্ৰজন্মই ৰাগীয়াল দ্ৰব্য সেৱনৰ মূল স্থলী হিচাপে বাচি লোৱা গুৱাহাটী মহানগৰীৰ এখন পার্ক হৈছে গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত 'সতী-ৰাধিকা প্ৰশান্তি উদ্যান'। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনৰ পার্কখনলৈ দৈনিক ভালে সংখ্যক দেশী-বিদেশী পৰ্যটক তথা গুৱাহাটীৰবাসী ৰাইজ পার্কখনলৈ অৱসৰ বিনোদনৰ বাবে আহে। কিন্তু অতি পৰিতাপৰ কথা দেশী-বিদেশী পৰ্যটক তথা স্থানীয় অঞ্চলবাসী ৰাইজে পার্কৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহি প্ৰত্যেক দিনাই প্ৰত্যক্ষ কৰে একাংশ নৱ-প্ৰজন্মৰ যুৱকক ড্ৰাগছ, ড্ৰেন্দ্ৰাইড, ভাং-মদ আদি ৰাগীয়াল তথা মাদক দ্ৰব্য সেৱন কৰা। ফলত বহু সময়ত পৰ্যটক তথা অৱসৰ বিনোদনৰ বাবে অহা লোকসকলে পাৰ্কখনত নিৰাপত্তাহীনতাত ভোগা কথাও ব্যক্ত কৰিছে। 
এই সন্দৰ্ভত পার্ক খনৰ তত্বৱধানৰ দায়িত্বত নিয়োজিত হৈ থকা কৰ্মচাৰীয়ে জানিবলৈ দিয়ে পার্কখনত একাংশ নৱপ্ৰজন্মৰ যুৱকে মাজে-সময়ে ৰাগীয়াল দ্ৰব্য সেৱন কৰাৰ বাবে আহে বুলিও।

আনহাতে গুৰুত্বপূৰ্ণ কথা এইয়ে পার্কখনৰ কাষেৰে প্ৰত্যেক দিনেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ব্ৰহ্মপুত্ৰ অতিথি শালালৈ যায়। ফলত পুলিচ প্ৰশাসনে সমগ্ৰ পথছোৱাৰ লগতে পার্কখনৰ কাষে-কাষে প্ৰত্যেক দিনেই তহল দি ফুৰে তাৰ পাছতো পার্কখনত মুকলিকৈ একাংশ নৱ-প্ৰজন্মই ৰাগীয়াল বস্তু সেৱন কৰাটোৱে চিন্তিত কৰি তুলিছে সচেতন মহলক।