লিডুঃ আজি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামটক কেনন বস্তিত ভাৰতীয় সেনা আৰু এন এছ চি এন (আৰ) ৰ মাজত তুমুল সংঘৰ্ষ হয় । ১৩ জনীয়া অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত নগা উগ্ৰপন্থী আৰু ভাৰতীয় সেনাৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীৰ ফলত কেনন বস্তিৰ এজন বাসিন্দা গুৰুতৰ ভাবে আহত হোৱাৰ লগতে চাংলাং জিলাৰ গটং গাৱৰ ৰণি কুংখো(২২) নামৰ এজন এন এছ চি এন (আৰ)ৰ দুৰ্ধৰ্ষ সদস্যক সেনাই আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন সদস্য জনৰ পৰা সেনাই  নগদ ধনৰ লগতে এটা পইণ্ট ৩২ পিস্তল,তিনি জাঁই সজীৱ গুলী আৰু বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। বৰ্তমান কেডাৰ জনক শৰীৰ পৰীক্ষাৰ বাবে মাৰ্ঘেৰিটালৈ প্ৰেৰণ কৰা বুলি সেনাৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। 

উল্লেখযোগ্য যে অসম অৰুনাচল সীমান্তৰ জাগুনৰ ফানেং গাৱত বৃহস্পতি বাৰে অসম আৰক্ষী আৰু আলফা(স্বাধীনৰ) মাজত তুমুল গুলিয়াগুলী হোৱাৰ পাছত আজি পুনৰ অৰুনাচল প্ৰদেশৰ নামটকত ভাৰতীয় সেনাই উগ্ৰপন্থীৰ বিৰুদ্ধে জেহাদ ঘোষনা কৰা বিষয়টোৱে অতি তাৎপৰ্য বহন কৰিছে৷ সম্প্ৰতি এলেকাটোত তীব্ৰ চাঞ্চল্যকে বিৰাজ কৰিছে ৷