ডিজিটেল ডেস্কঃ গো-ৰক্ষাৰ নামত এগৰাকী লোকক বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰা ঘটনাৰ সৈতে জৰিত বিজেপি নেতাসহ ১১গৰাকী লোকক ঝাৰখাণ্ডৰ এখন বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে। বুধবাৰে এই ৰায় ঘোষণা কৰে ঝাৰখাণ্ডৰ এখন বিশেষ আদালতে। 

দোষী সাব্যস্ত হোৱা লোকসকলে নিজকে গো-ৰক্ষক বুলি দাবী কৰি আজগৰ নামৰ লোক এজনক ৰাজহুৱা স্থানত হত্যা কৰিছিল। নৃশংস ভাৱে মাৰধৰ কৰি গো-মাংস কঢ়িয়াই নিয়াৰ অভিযোগত এখন মাৰুতি ভান জ্বলাই দিছিল৷ গো-ৰক্ষাৰ বিৰুদ্ধে শাস্তি প্ৰদান কৰা দেশত প্ৰথমটো প্ৰথমটো ঘটনা৷ ভাৰতীয় দণ্ড বিধিৰ ৩০২ ধাৰাত গোচৰ চলিছিল ১১গৰাকী লোকৰ বিৰুদ্ধে৷

ঝৰখাণ্ডৰ এখন আদালতে যোৱা ১৭ মাৰ্চত গো-ৰক্ষাৰ নামত হত্যাকাণ্ড সংঘটিত কৰা গোচৰৰ ৰায় প্ৰদান কৰি ১১গৰাকী গো-ৰক্ষকক দোষী সাব্যস্ত কৰিছিল৷ দেশত প্ৰথম বাৰৰ বাবে গো-ৰক্ষাৰ নামত সংঘটিত হিংসাত্মক ঘটনাৰ গোচৰৰ ৰায় দান প্ৰদান কৰি ১১গৰাকী লোকক দোষী সাব্যস্ত কৰা হৈছিল৷ ২০ মাৰ্চত শাস্তি ঘোষণা কৰে আদালতে৷

আদালতে এই আক্ৰমণক পূৰ্ব পৰিকল্পিত বুলি আখ্যা দিয়ে৷ আনহাতে এই ৰায়ৰ বিৰুদ্ধে উচ্চ আদালতত পুনৰ আৱেদন কৰিব বুলি জানিব পৰা গৈছে৷ আলিমুদ্দিন ওৰফে আজগৰ আনছাৰী নামৰ মাংস ব্যৱসায়ীগৰাকীয়ে ২০১৭ চনৰ ২৯ জুনত গো-মাংস কঢ়িয়াই নি থকাৰ সন্দেহত মাৰ-ধৰ কৰিছিল একাংশ লোকে৷

যাৰ ফলত আজগৰৰ মৃত্যু হয়৷ প্ৰধানমন্ত্ৰী মোডীয়ে গো-ৰক্ষাৰ নামত হিংসাৰ আশ্ৰয় লোৱা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰাৰ সময়তে এই কাণ্ড সংঘটিত হৈছিল৷ আজগৰে ভেনত ২০০ কেজি মাংস লৈ যোৱাৰ সন্দেহ কৰা হৈছিল যাৰ বাবে তেওঁৰ ভেনত অগ্নিসংযোগ কৰা হয়৷ চিকিৎসালয়ত নিয়াৰ পথতে আজগৰৰ মৃত্যু হয়৷

এই ঘটনা ৰামগড় চহৰৰ বজাৰ এলেকাত সংঘটিত হৈছেল৷ ঘটনা সংঘটিত হোৱাৰ সময়ত তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱাৰ ফলত ১৪৪ ধাৰা জাৰি কৰিবলগীয়া হৈছিল৷ আৰক্ষীয়ে স্থানীয় বিজেপি নেতা নিত্যানন্দ মাহাতোৰ সৈতে আন দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল৷ আন এজন লোকে আদালতত আত্মসমাৰ্পন কৰিছিল৷ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল৷ 

আজগৰৰ পত্নীয়ে বজৰং দলে এই কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছিল৷ আনহাতে এই ঘটনাৰ সাক্ষী এগৰাকীয়ে আদালতত সাক্ষী দিবলৈ অহাত দুৰ্ঘটনাত মৃত্যু হৈছিল৷ এই দুৰ্ঘটনা গো-ৰক্ষাক পক্ষই সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছিল৷