Outlook India
Outlook India

ড়িজিটেল ডেস্কঃ বিধায়ক হৈয়ো লাভজনক পেছাত জড়িত হৈ আছিল আপৰ ২০ বিধায়ক। প্ৰায় ১ বছৰ এই বিষয়ত ব্যাপক চৰ্চা হ'ল। ব্যাপক চৰ্চিত আপৰ বিধায়কৰ লাভ জনক পেছাত জড়িত বিষয়টোৱে পুনৰ চৰ্চালৈ আহিছে৷ ব্যক্তিগত লাভজনক পেছাত জড়িত থকাৰ অভিযোগত আম আদমি পাৰ্টিৰ ২০ গৰাকী বিধায়কক বৰ্খাস্ত কৰিছে দেশৰ নিৰ্বাচন আয়োগে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি বিধায়কসকলক বৰ্খাস্ত কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে৷

নিৰ্বাচন আয়োগৰ এই সিন্ধান্তৰ পিছতে দিল্লীত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিশে আগবাঢ়িছে বুলি চৰ্চা হৈছে৷ ২০১৫ চনত বিধান সভা নিৰ্বাচনৰ পিছত বিধায়ক হোৱাৰ পিছতো আম আদমি পাৰ্টিৰ প্ৰায় ২০গৰাকী বিধায়ক ব্যক্তিগত লাভজনক ব্যৱসাসত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ দেশৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত পাটিলে আদালতত দাখিল কৰা আৱেদনৰ জৰিয়তে জনপ্ৰতিনিধিসকলে লাভ জনক পদত থকাৰ লগতে সংসদীয় সচিব হৈ থকাত বৰ্খাস্ত কৰাৰ দাবী কৰে৷

তাৰ পিছতে নিৰ্বাচন আয়োগ বিধায়কসকলৰ বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লয়৷ বিগত বছৰৰ জুন মাহত বিধায়কসকলে নিৰ্বাচন আয়োগৰ ওচৰত ওলোটাই আৱেদন কৰিছিল যদিও আৱেদন খাৰিজ কৰে আয়োগে৷ ২০১৭ চনৰ আগষ্ট মাহত দিল্লী উচ্চ ন্যায়ালয়ত বিধায়কসকলে অধিবক্তা প্ৰশান্তৰ আৰ্জি খাৰিজ কৰাৰ আৱেদন জনাইছিল৷

আৱেদনত উল্লেখ কৰা মতে, সচিব হিচাপে ২০১৬ চনত নিয়োগ বাতিল হোৱা বুলি কয়৷ উচ্চ ন্যায়ালয়ে আৱেদনৰ শুনানী নকৰাৰ লগতে বিধায়ক আৰ্জি গ্ৰহণ কৰা অসম্ভৱ বুলি কয়৷ ইয়াৰ লগে লগে কংগ্ৰেছে ২০গৰাকী আপৰ বিধায়কৰ পদৰ পৰা বৰ্খাস্ত কৰাৰ আৱেদন জনাই নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত অচল কুমাৰ জ্যোতিক৷ আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পদত্যাগ কৰাৰ দাবী জনাই আহিছে বিজেপি-কংগ্ৰেছে৷