ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফীৰ চূড়ান্ত খেলখন, তাকো ভাৰত-পাকিস্তানৰ মাজত। স্বাভাৱিকতে দেশপ্ৰেমত হাবু-ডুবু নোখোৱাজনৰো অন্তৰত উথলি উঠিব পাৰে নিজৰ জাতীয় দলটোক জয়ী কৰোৱাৰ দুৰ্বাৰ ইচ্ছা। কিন্তু এই দুৰ্বাৰ ইচ্ছাকো চেৰ পেলাইছে জুৱাই।

কোটি কোটি টকাৰ জুৱা আৰম্ভ হৈছে দেওবাৰৰ এই হাই-ভল্টেজ মেচখনক লৈ। ক্ৰিকেট অনুৰাগীৰ সমানেই জুৱা থলীত উথপ-থপ লাগিছে এই খেলখনক লৈ৷ ইতিমধ্যে চূড়ান্ত খেলখনৰ বাবে বুকীৰ মাজত ২ হাজাৰ কোটি টকাৰ জুৱা আৰম্ভ হোৱা বুলি অল ইণ্ডিয়া গেমিং ফেডাৰশ্যনে প্ৰকাশ কৰিছে৷ 

বুকীৰ মাজত ভাৰতীয় দলটোৱে পাকিস্তানকৈ বেছি জনপ্ৰিয় হৈ পৰিছে৷ অৱেশ্যে খুব কম ব্যৱধানৰ ভিত্তিত ভাৰতীয় দলটোৱে খিতাপ দখল কৰিব বুলিও বুকীয়ে অনুমান কৰিছে। তদুপৰি মেচখনৰ বেলেগ বেলেগ ভাগত বেলেগ বেলেগ পৰিমাণ ধাৰ্য্য হৈছে বুলি উল্লেখ কৰিছে সংস্থাটোৱে৷ জুৱাৰ দৰ নিৰ্ধাৰণ হৈছে ভিন্ন ভাগত।

প্ৰথম অভাৰত ৰাণৰ পৰিমাণ, ভিন্ন অভাৰত ভিন্ন ৰাণ ইত্যাদি ভাগসমূহত বিভক্ত কৰা হৈছে মেচখনৰ বাবে জুৱাৰ দৰ৷ ইংলেণ্ডত জুৱা আইনসংগত আৰু নতুন প্ৰযুক্তি সহায়ক হোৱাৰ বাবেই এই বৃহত পৰিমাণৰ জুৱাৰ খেল আৰম্ভ হৈছে৷ উল্লেখযোগ্য যে প্ৰায় ১০ বছৰৰ অন্তত দেওবাৰে ইংলেণ্ডত ভাৰত-পাকে এটাই আনটোৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব৷