ফাইল ফটো
ফাইল ফটো

গুৱাহাটীঃ ২০০৯ চনৰ ডিচেম্বৰ মাহত সোণাপুৰৰ যোগ দলত সংঘটিত হৈছিল এক অতি জঘণ্য হত্যাকাণ্ড৷ একেটা পৰিয়ালৰ ৫গৰাকী লোক সহ মুঠ ৬গৰাকী লোকক হত্যা কৰা হৈছিল৷ এটি দৰিদ্ৰ পৰিয়াল দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছিল পিতৃ-মাতৃয়ে৷

সেই সময়ৰ বিতৰ্কিত হাৰ্ট চিটিৰ কৰ্মচাৰী হৰকান্ত দলৈ আৰু স্বপ্না দলৈয়ে তিনি সন্তান সহ হাৰ্ট চিটিৰ সমীপতে সাধাৰণ ঘৰ এটাত বাস কৰিছিল৷ শ্ৰমিক হিচাপে কাম কৰি পোৱা টকা কেইটাৰে ঘৰ চলোৱাৰ লগতে সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়ুৱাই আছিল৷ 

২০০৯ চনৰ ১৩ ডিচেম্বৰৰ নিশা তেওলোকৰ জীৱনৰ বাবে কাল নিশা হৈ নামি আহিছিল৷ তেওলোকৰ বাবে সেই নিশা আছিল যন্ত্ৰণাৰ নিশা৷ ২০০৯ চনিৰ ১৩ ডিচেম্বৰৰ নিশা আছিল তেওলোকৰ অন্তিম নিশা৷ নিশা হয়তো তেওলোকে আহাৰ গ্ৰহণ কৰি বিছনাত বাগৰ দিছিল৷

তেতিয়াই ঘাটকে জমদূত হৈ প্ৰবেশ কৰিছিল তেওলোকৰ ঘৰত৷ চোকা অস্ত্ৰৰে আঘাত কৰি হানি-খুচি হত্যা কৰিছিল তেওলোকৰ পৰিয়ালটোক৷ হৰকান্ত দলৈ (৪৫) পত্নী স্বপ্না দলৈ (৪০) কন্যা চবিতা দলৈ (১২) প্ৰতিভা দলৈ (৯) পুত্ৰ অতুল দলৈ(৬) আৰু আত্মীয় টুকেন দলৈক হত্যা কৰা হেছিল৷

হত্যা কাণ্ডৰ ৰহস্যৰ সৃষ্টি হৈছিল দুটা মুৰক লৈ৷ কিয়নো হৰকান্তৰ পুত্ৰ অতুলৰ আৰু টুকেনৰ কেৱল দেহটো উদ্ধাৰ হৈছিল যদিও মূৰ দুটা উদ্ধাৰ হোৱা নাছিল৷ দুদিন পিছত এটি কুকুৰে মানুহৰ এটি মূৰ কামোৰি ধৰি মুখত লৈ হাৰ্ট চিটিৰ পৰা ওলাই আহি আছিল৷ একাংশ লোকে কুকুৰটোক খেদি যোৱাত কুকুৰটোৱে মুখৰ পৰা মূৰটো এৰি পেলাই থৈ জংঘলৰ ফালে দৌৰ মাৰিছিল৷

মূৰটোত চকু আৰু কান নাছিল৷ তাৰ পিছত ৰাইজে আৰক্ষীক খবৰ দিছিল৷ আৰক্ষীয়ে ছিন্ন মূৰটো উদ্ধাৰ কৰি ফৰেনছিক তদন্ত কৰি উক্ত মূৰটো অতুলৰ বুলি চিনাক্ত কৰে৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰিছিল৷

ৰাইজৰ উগ্ৰমূৰ্ত্তী প্ৰত্যক্ষ কৰি আৰক্ষীয়ে হাৰ্ট চিটিতো অভিযান চলাইছিল৷ সেই অভিযান হাৰ্ট চিটিৰ চৌহদত টুকেনৰ মূৰটো উদ্ধাৰ হয় আৰু তাৰ পিছতে কিছুমান উত্তেজিত লোকে হাৰ্ট চিটিত অগ্নিসংযোগ কৰে৷ 

হাৰ্ট চিটিৰ প্ৰায়বোৰ ঘৰ-দুৱাৰ আৰু আন আন সামগ্ৰী জুইত জাহ গৈছিল৷কেৱল  ইমানেই নহয় কোনো দুৰ্বৃত্তই হৰকান্ত দলৈ আৰু স্বপ্না দলৈৰ ঘৰত অগ্নিসংযোগ কৰে৷ হাৰ্ট চিটিৰ গৰাকী ড০ ধনীৰাম বৰুৱা উক্ত সময়ত আছিল বাংগালুৰুত৷

তেও ১৭ ডিচেম্বৰত অসমলৈ উভতি আহে যদিও কোনো প্ৰমাণৰ অভিযোগত আৰক্ষীয়ে তেওক আটক কৰিব পৰা নাছিল৷ আৰক্ষীয়ে কেইবাগৰাকীও হাৰ্ট চিটিৰ কৰ্মচাৰীক হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অপৰাধত আটক কৰিছিল৷তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উক্ত ঘটনাৰ চিআইডি তদন্ত ঘোষণা কৰে৷

সেই সময়ত এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি ব্যাপক অভিযোগ উত্থাপন হৈছিল৷ ধনীৰাম বৰুৱাৰ হাৰ্ট চিটিৰ ভূমি দখল কৰিবৰ বাবে কোনো লোকে এই হত্যাকাণ্ডৰ ঘটনা ৰচনা কৰাৰ অভিযোগ উত্থাপন হৈছিল৷

সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ ডেকা আৰু আব্দুল মতলিব চৌধুৰীৰ বিৰুদ্ধে হৰকান্ত দলৈৰ ঘৰ জ্বলাই দি তথ্য নষ্ট কৰাৰ লগতে গোচৰৰ বহু নথি নষ্ট কৰাৰ অভিযোগ উত্থাপন হয়৷ ইমানে নহয় হাৰ্ট চিটত অগ্নি সংযোগ কৰিবৰ বাবে পৰিকল্পনা কৰাৰ লগতে পৰিস্থিতিৰ সৈতে মোকাবিলা নকৰাৰ অভিযোগ উত্থাপন হয়৷

উত্তেজিত ৰাইজক ক্ষান্ত কৰাৰ লগতে অগ্নি নিৰ্বাপনৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হয়৷ হৰকান্ত দলৈৰ ঘৰ জ্বলি থকাৰ সময়ত অগ্নি নিৰ্বাপনৰ ব্যৱস্থা নকৰাৰ লগতে দুয়োগৰাকী বিষয়াই ঘটনাৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত থকা বুলি বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তী আৰু দুলাল বৰাই অভিযোগ উত্থাপন কৰিছিল৷ অৰ্জুন বৰদলৈ নামৰ লোক এজনৰ জড়িয়তে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল৷

৫ লাখ দি অৰ্জুন বৰদলৈৰ জড়িয়তে হত্যা কৰাৰ অভিযোগ উত্থাপন হয় যদিও দুৰ্বৃত্তই অৰ্জুন বৰদলৈকো হত্যা কৰে৷ সোণাপুৰৰ আৰক্ষী বিষয়া প্ৰণৱ ডেকাক কিছু দিন পিছতে সোণাপুৰ থানাৰ পৰা বদলি কৰা হৈছিল৷ দুলাল বৰাই এই হত্যা কাণ্ডৰ সৈতে অকণ বৰা জড়িত থকা বুলি কয়৷

ডিমৰীয়াৰ ছাত্ৰ সংগঠন সমূহেও সেই সময়ত অকণ বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে মন্ত্ৰীত্বৰ পৰা বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰিছিল৷ স্থানীয় জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কাৰ্বি ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা ভূমি সুৰক্ষা পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ঘটনাৰ বিৰুদ্ধে৷

বহু আন্দোলনৰ হ'ল যদিও এই ঘটনাৰ মোৰ নোলাল। তাৰ পিছতে বুধবাৰে তথা ৬ ডিচেম্বৰৰ নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকা আৰু বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল মতলিব চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ চৰ্চালৈ আহিছে যোগদল হত্যাকাণ্ডক ঘটনা।

যোগদল হত্যাকাণ্ডৰ তথ্য নষ্ট কৰাৰ অভিযোগত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰে চিআইডিয়ে। যোগদল হত্যাকাণ্ডৰ সংঘটিত হোৱাৰ সময়ত সোণাপুৰত থকা আৰক্ষী বিষয়া প্ৰণৱ ডেকা আৰু আব্দুল মতলিব চৌধুৰীক আটক কৰে৷

হত্যাকাণ্ড সংঘটিত হোৱা ঘৰ জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল সেই সময়তে৷ ২০০৯ চনৰ ১৩ ডিচেম্বৰত সংঘটিত এই ঘটনাৰ সৈতে অকণ বৰা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল৷ বৃহস্পতিবাৰে পুনৰ অকণ বৰাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিলে দিছপুৰৰ বিধায়ক অতুল বৰাই৷ অতুল বৰাই অকণ বৰাৰ প্ৰৰোচনাতে যোগদল হত্যাকাণ্ড সংঘটিত হোৱা বুলি কয়৷

ফাইভ ষ্টাৰ হোটেলৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি কয়৷ দিছপুৰৰ বিধায়ক অতুল বৰাৰ এই বিস্ফোৰক মন্তব্য আগবঢ়ায়। বিধায়কজনৰ মতে, আৰক্ষী বিষয়াৰ গ্ৰেপ্তাৰে যোগদল হত্যাকাণ্ডৰ তদন্তত গতি প্ৰদান কৰিব। আৰু ধনীৰাম বৰুৱাৰ হস্পিতাল আঁতৰাবলৈ অকণ বৰাই ষড়যন্ত্ৰ ৰচনা কৰিছিল৷ অকণ বৰাক জেৰা কৰাৰ দাবী জনাই বিধায়কজনে৷

অৰ্জুন বৰদলৈকো অকণ বৰাই হত্যা কৰিছিল বুলি উল্লেখ কৰে৷ আনহাতে দুলাল বৰাক এই হত্যাকাণ্ডৰ ৰাজসাক্ষী হ’বলৈ আহ্বান জনায় অতুল বৰাই। বুধবাৰে নিশা দুয়োগৰাকী আৰক্ষী বিষয়াক আটক কৰি এমএমচিত স্বাস্থ্য পৰীক্ষা কৰে৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত দুয়োজনক পাণবজাৰ আৰক্ষী থানাত ৰখা হৈছে৷ চিআইডিয়ে জেৰা অব্যাহত ৰাখিছে৷

এই ঘটনাৰ প্ৰকৃত ৰহস্য উৎঘাটন হলে ৰৌ-বৰালি জালত পৰিব এয়া খতাং। মানুহে আশা কৰিছে এই ঘটনাৰ প্ৰকৃত ৰহস্য উৎঘাটন হওঁক। দোষীয়ে শাস্তি পাওক।