ডিজিটেল ডেস্কঃ এইবাৰ ২০১৯ চনৰ লোক সভা নিৰ্বাচনত বিজেপিক ফিনিচ কৰাৰ হুংকাৰ দিলে মমতাই৷ পুনৰ বিজেপিক তীব্ৰ বাক্য বান কৰিছে মমতাই৷ নাৰী দিৱসৰ দিনটোতো কেন্দ্ৰৰ শাসকীয় দল বিজেপিক নেৰিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমত বেনাৰ্জীয়ে৷ নাৰী দিৱসৰ অনুষ্ঠানত অংশ লৈ বিজেপিৰ বিৰুদ্ধে বিভেদৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে৷
২০১৯ চনত বিজেপি ফিনিচ হ’ব বুলি কয়৷ দেশৰ বিভিন্ন ঠাইত মূৰ্তি ভাঙ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মমতাই কয় ‘‘লেলিনৰ মূৰ্তি ভঙা কাৰ্যক নিন্দা কৰো৷ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মূীৰ্তি ভঙা কাণ্ডকো নিন্দা কৰিছো৷ তেওঁ আৰু কয়, ‘‘ইয়াৰ বাবে চৰকাৰক দোষৰোপ কৰিব কিয়৷বাংলাৰ লোকক কতু কথা নকব৷ বিজেপিয়ে বিভেদৰ ৰাজনীতি কৰিছে৷ যিসকলে সাম্প্ৰদায়ীক হিংসাৰ কথা কয় তেওঁলোকে বাংলাৰ দিশে নাচাব৷’’
ইমানে নহয় বিজেপিয়ে যাতে ভোট এটাও নাপায় তাৰ আহ্বান জনাই মমতাই৷