নতুন দিল্লীঃ সদনত আজি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেটত অন্তৰ্ভুক্ত কৰ কিছু তথ্য
* পুৰণি পৰম্পৰা ভংগ কৰি নিৰ্মলা সীতাৰমনে দাখিল কৰিলে বাজেট।
* এইবাৰ ব্ৰীফকেছৰ সলনি ৰঙা মোনাত বাজেট লৈ আহিছে সীতাৰমনে।
* সলনি হ’ল বাজেটৰ নাম। বাজেটক ‘দেশ কা বহীখাতা’ বুলি উল্লেখ।
* ভাৰতক ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ কৰাৰ লক্ষ্য কেন্দ্ৰৰ।
* এক দেশ এক গ্ৰীডৰ জৰিয়তে সকলো ৰাজ্যলৈ সুলভ বিজুলীৰ ব্যৱস্থা।
* সকলো ৰাজ্যই উচিত মূল্যত সকলো সময়তে বিজুলী লাভ কৰিব।
* ৰে’লৱেৰ বিকাশৰ বাবে বাজেটত গুৰুত্ব।
* পানী আৰু গেছৰ বাবে হ’ব ৰাষ্ট্ৰীয় গ্ৰীড।
* দেশত ৬৫৭ কিলোমিটাৰ মেট্ৰ’ সেৱা আৰম্ভ।
* ৩০০ কিলোমিটাৰ নতুন মেট্ৰ’ প্ৰকল্পত অনুমোদন।
* দেশৰ ভিতৰত জলপথ আৰম্ভ কৰাৰ পৰিকল্পনা চৰকাৰৰ।
* ইলেকট্ৰনিক বাহনক গুৰুত্ব প্ৰদান বাজেটত।
* ৰিফৰ্ম, পাৰফৰ্ম আৰু ট্ৰান্সফৰ্মত গুৰুত্ব সাধাৰণ বাজেটত।
* ৱান নেশ্যন, ৱান গ্ৰীড’ৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত।
* ৰে’লৱেৰ বিকাশৰ বাবে PPP মডেলৰ ব্যৱস্থা।
* পানী আৰু গেছৰ বাবে হ’ব ৰাষ্ট্ৰীয় গ্ৰীড।
* নেচনেল ট্ৰান্সপ’ৰ্ট কাৰ্ডৰ ঘোষণা বাজেটত। ৰে’লৱে আৰু বাছত ব্যৱহাৰ কৰা হ’ব এই কাৰ্ড।
* বীমা ক্ষেত্ৰত ১০০ শতাংশ FDIত গুৰুত্ব বাজেটত।
* ক্ষুদ্ৰ ব্যৱসায়ীয়ে লাভ কৰিব পেঞ্চন, ৫৯ মিনিটতে হ’ব ঋণ মঞ্জুৰি।
* এনিমেচন কোম্পানীৰ ক্ষেত্ৰত FDI বৃদ্ধি হ’ব।
* ৩ কোটিতকৈ অধিক ক্ষুদ্ৰ ব্যৱসায়ীয়ে পাব পেঞ্চনৰ সুবিধা।
* ২০২২ চনলৈ সকলো গাঁৱলৈ বিদ্যুৎ যোগানৰ লক্ষ্য।
* উজ্জ্বলা আঁচনি আৰু সৌভাগ্য আঁচনিৰ জৰিয়তে পৰিৱৰ্তনৰ লক্ষ্য।
* প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে সকলো দৰিদ্ৰ পৰিয়াললৈ ঘৰ।
* সকলো পৰিয়াললৈ বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য।
* ১.৯৫ কোটি দৰিদ্ৰ পৰিয়ালক দিয়া হ’ব ঘৰ।
* শিক্ষা নীতিৰ ওপৰত ৰাষ্ট্ৰীয় অনুসন্ধান প্ৰতিষ্ঠান স্থাপনৰ ঘোষণা।
* উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈ ৪০০ কোটি টকাৰ সাহায্য প্ৰদান কৰিব কেন্দ্ৰই।
* বিদেশী ছাত্ৰৰ বাবে ‘ষ্টাডী ইন ইণ্ডিয়া’ প্ৰ’গ্ৰামৰ ব্যৱস্থা কৰা হ’ব।
* প্ৰবাসী ভাৰতীয়ৰ বাবে বিনিয়োগৰ পথ সহজসাধ্য কৰাৰ চেষ্টা।
* নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান।
* জন ধন একাউণ্টধাৰী মহিলাক ৫০০ টকাৰ অভাৰড্ৰাফ্টৰ সুবিধা।
* মহিলাৰ বাবে পৃথকে এক লাখ টকাৰ মুদ্ৰা লোণৰ ব্যৱস্থা কৰা হ’ব।
* হাউছিং ফাইনেঞ্চ কোম্পানী এতিয়া RBI ৰ অধীনত।
* ৪০০ কোটি টকালৈ টাৰ্ণঅভাৰৰ কোম্পানীক কৰ ৰেহাই।
* ৪৫ লাখ টকাৰ ঘৰ কিনিলে অতিৰিক্ত ১.৫ লাখ টকাৰ ৰেহাই।
* বেংকৰ পৰা অধিক ধন উলিয়ালে লাগিব কৰ।
* বছৰত ১ কোটিৰ অধিক ধন উলিয়ালে দিব লাগিব ২ শতাংশ TDS।
* সোণ, পেট্ৰ’ল, ডিজেল, ধঁপাতৰ দাম বৃদ্ধি।
* সোণ আৰু মূল্যৱান ধাতুৰ উৎপাদন শুল্ক ১০ৰ পৰা ১২.৫ শতাংশলৈ বৃদ্ধি।
* পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ১–১ টকাৰ অতিৰিক্ত উপকৰ।
* ২ ৰপৰা ৫ কোটিৰ আয়ত ৩ শতাংশ অতিৰিক্ত কৰ।
* ২.৫ লাখ টকালৈ ইলেকট্ৰিক বাহন ক্ৰয়ত ৰেহাই।
* ই–বাহনৰ GST ১২ৰ পৰা ৫ শতাংশলৈ হ্ৰাস।
* ১ৰপৰা ২০ টকালৈ নতুন মুদ্ৰা ঘোষণা।