www.patrika.com
www.patrika.com

ডিজিটেল ডেস্কঃ ২০১৮ বৰ্ষটো বিজেপি দল তথা মোডী চৰকাৰ আৰু বিৰোধী দল সমূহৰ বাবে নিৰ্ণায়ক বৰ্ষ হিচাপে চিহ্নিত হৈ ৰব পাৰে বুলি এতিয়াৰ পৰাই চৰ্চা আৰম্ভ হৈছে৷ কিয়নো সন্মুখত ২০১৯ চন তথা লোক সভাৰ নিৰ্বাচন৷ ইতিমধ্যে দেশৰ ৰাষ্ট্ৰীয়-আঞ্চলিক দল সমূহে বিভিন্ন প্ৰকাৰে নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে৷ ৰাজপাট দখলৰ বাবে ভোটাৰৰ ওচৰৰ চাপিবলৈ আৰম্ভ কৰিছে শাসক-বিৰোধীয়ে৷

আগন্তুক লোকসভা নিৰ্বাচনৰ যুদ্ধত নামিবলৈ এই বৰ্ষৰ পৰাই সকলো ৰাজনৈতিক দলেই নিজকে প্ৰস্তুত কৰি তোলাৰ সুবিধা লাভ কৰিছে৷ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি ফঁহিয়াই চাই ক’ব পাৰি যে বিগত লোকসভা নিৰ্বাচনৰ দৰে আগন্তুক লোকসভা নিৰ্বাচন এক পক্ষীয় নহয় বুলি কব পাৰি৷ আগন্তুক লোকসভা নিৰ্বাচনৰ যুঁজখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বনাম কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ মাজত যে হ’ব এয়া খাতাং৷ 

তৃতীয় কোনো মৰ্চা নাথাকিব বুলি এতিয়াৰ পৰাই ধাৰণা কৰিব পাৰি৷ কিয়নো ৰাজনীতিৰ পথাৰত ন-ৰূপত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী নামি পৰিছে৷ শাসকীয় পক্ষৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক আক্ৰমণাত্মক হৈ পৰিছে ৰাহুল৷ যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে, আগন্তুক বৰ্ষত কেইবাখনো ৰাজ্যতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ তাৰে ভিতৰত ৰাজস্থান, মধ্য প্ৰদেশ, চট্টীশগড় আদি অন্যতম৷

এই ৰাজ্যকেইখনৰ লোক সভাৰ সৰ্বমুঠ আসন ৬৫ খন৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলে এই ৬৫খন আসনৰ ভিতৰত ৬২খনেই দখল কৰিবলৈ সক্ষম হৈছিল৷ বিজেপিয়ে যোৱা লোকসভা নিৰ্বাচনত প্ৰচুৰ সমৰ্থন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল যদিও বৰ্তমানৰ নেতৃত্বাধীন চৰকাৰ খনৰ ৰেহৰূপ প্ৰত্যক্ষ কৰি ক’ব পৰা যায় যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলে বিৰোধী দল সমূহৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’ব৷ মোডী আৰু বিজেপিৰ বিৰুদ্ধে কি কি হ’ব পাৰে প্ৰত্যাহ্বান??
   
শাসকৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰঃ কৃষককে ধৰি দেশৰ ব্যৱসায়ীসকলে নেৰা নেপেৰা প্ৰতিবাদ অব্যাহত ৰাখিছে৷ দলিত-মুছলমানৰ ওপৰত ভয়াবহ আক্ৰমণৰ ফলত উদ্ভৱ হোৱা আন্দোলন৷ দলিতে অধিকাৰৰ হকে কৰা আন্দোলনে ইয়াত প্ৰভাৱ পেলাব৷ বিধানসভা নিৰ্বাচন ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা গুজৰাটতো আন্দোলনৰ প্ৰভাৱ পৰে৷ কৰ্ণাটক, মধ্যপ্ৰদেশ, চট্টীশগড় আৰু ৰাজস্থানত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনক ইয়াৰ প্ৰভাৱ পৰিব বুলি কব পাৰি৷ বিজেপি দলে গুজৰাটত বিজয়ী হৈ চৰকাৰ গঠন কৰিছে যদিও বিজেপি দলে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ কংগ্ৰেছে বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে৷ কংগ্ৰেছ দলে পৰাজয়বৰণ কৰিলেও তাৰ পৰা শিক্ষা লৈ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গাঁৱে গাঁৱে নিজৰ স্থিতি সবল কৰিবলৈ চেষ্টা চলাই গৈছে৷ ইয়াৰ মূলতে দেশজুৰি কৃষক-শ্ৰমিক-ব্যৱসায়ীৰ প্ৰতিবাদৰ প্ৰভাৱ পৰে বুলি কব পাৰি৷ উল্লেখ্য যে, কৰ্ণাটকত বৰ্তমানৰ কংগ্ৰেছ শাসিত চৰকাৰৰ গাদী উফৰাবলৈ বিজেপি দলে কঠোৰ প্ৰস্তুতি চলাই থকা দেখা গৈছে৷ ইয়াৰোপৰি মধ্যপ্ৰদেশ, চট্টীশগড় আৰু ৰাজস্থানত বিজেপি দলেই শাসন কৰি থাকিলেও এই চৰকাৰ বৰ্তি থকাৰ ক্ষেত্ৰত বৰ্তমান অশনি সংকেত দেখা পোৱা গৈছে৷ বিশেষকৈ বিৰোধী দল কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে চলাই থকা প্ৰচাৰ তথা ৰাইজৰ সঁহাৰিৰ পৰাই এই কথা অনুমেয়৷            
 
শাসক দলে সহযোগী দলৰ পৰা পাব পাৰে প্ৰত্যাহ্বানঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলে বৃহৎ ব্যৱধানত জয় লাভ কৰি চৰকাৰ গঠন কৰিছিল৷ ২৮২খন আসনত জয়লাভ কৰা বিজেপিয়ে ১৯৩ খন আসনতেই কংগ্ৰেছৰ সৈতে পূৰ্ণ প্ৰতিদ্বন্দ্বিতা হৈছিল৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা পূৰ্বৰ দৰে হ’লে বিজেপি আৰু কংগ্ৰেছৰ মাজত বেছি ব্যৱধান নাথাকিব৷ কিয়নো আগতকৈ বিজেপি দলৰ স্থিতি সকলো ৰাজ্যতে শিথিল হৈ পৰা দেখা গৈছে৷ অৱশ্যে কংগ্ৰেছৰ বাবেও আগন্তুক নিৰ্বাচন ইমানো সহজ হৈ নপৰিব৷ উল্লেখ্য যে বিজেপি দলে আগন্তুক লোকসভা নিৰ্বাচনত অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে সহযোগী দলসমূহৰ পৰা৷ কিয়নো মহাৰাষ্ট্ৰৰ সহযোগী দল শিৱসেনাই বাৰে বাৰে মিত্ৰতা ভংগ কৰাৰ সংকেত দি আহিছে৷ ইয়াৰোপৰি অন্ধ্ৰপ্ৰদেশতো তেলেগু দেশম পাৰ্টিয়ে নিজৰেই চৰকাৰৰ প্ৰতি বিৰোধ প্ৰদৰ্শন কৰি থকা দেখা গৈছে৷ বিহাৰত ইতিমধ্যে বিজেপিয়ে জেডিইউৰ সতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰি ল’লেও জেডিইউৰ সহযোগী দল ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টি আৰু হিন্দুস্তান আবাম মৰ্চাৰ নেতা জীতনৰাম মাঝীয়ে সময়ে সময়ে বিজেপিৰ প্ৰতি ক্ষোভিত হৈ অহা দেখা গৈছে৷ আনহাতে অসমতো বিজেপিৰ সহযোগী দল অগপই বিভিন্ন সময়ত আক্ৰমণাত্মক হৈ আহিছে৷ বিভিন্ন সংশোধনী বিল অগপই সমৰ্থন নকৰি প্ৰতিবাদ কৰি আহিছে৷ 
       
সংস্থাপন-নিৱনুৱা সমস্যাঃ প্ৰধানমন্ত্ৰী মোডীয়ে চৰকাৰ গঠন কৰাৰ পূৰ্বে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বছৰি দুই কোটিকৈ নিৱনুৱাক চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে চাৰি বছৰ অতিক্ৰম কৰাৰ পিছতো প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱাত বিৰোধী দলসমূহে উক্ত বিষয়সমূহক লৈ ক্ষুৰধাৰ সমালোচনা কৰি অহা পৰিলক্ষিত হৈছে৷ বিজেপি চৰকাৰে পূৰণ কৰিবলৈ সক্ষম নোহোৱা বিষয়সমূহকেই এতিয়া বিৰোধী দলসমূহে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰচাৰৰ হাথিয়াৰ হিচাপে লোৱা দেখা গৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ জনতাৰ বিজেপি দলৰ প্ৰতি মোহভংগ হ’ব বুলি চিন্তিত হৈ পৰিছে নৰেন্দ্ৰ মোডী৷ 
  
বিত্তীয় অৱস্থা তথা আৰ্থিক মন্দাৱস্থাঃ নিৱনুৱা সমস্যাৰ সৈতে জড়িত আন এক সমস্যা হৈছে আৰ্থিক মন্দাৱস্থা৷ চৰকাৰে বিমুদ্ৰাকৰণৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰে যদিও দেশৰ অৰ্থব্যৱস্থাৰ কোনো লাভ নহ’ল বুলি চৰ্চা আজিও অব্যাহত আছে৷ পূৰ্বৰ চৰকাৰতকৈ দুৰৱস্থাৰহে সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ এই বিষয়ত বিজেপি দলৰ বিসম্বাদী নেতা যশৱন্ত সিনহাই খোদ নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে আন দলৰ লোকক লৈ কুচকাৱাজ চলাই থকা দেখা গৈছে৷ সিনহাই কয়, বিমুদ্ৰাকৰণৰ ফলত বৰ্তমান চৰকাৰৰ হিচাপ মতে ভাৰতৰ অৰ্থব্যৱস্থাই মন্দাৱস্থাহে হৈছে৷

কৃষকৰ সমস্যাঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকৰ উন্নয়ন হ’ব পৰাকৈ বিভিন্ন প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা দিছিল৷ কিন্তু বিজেপি চৰকাৰে চাৰি বছৰ অতিক্ৰম কৰাৰ পাছতো কৃষকৰ বাবে কোনো এটা কামেই সম্পূৰ্ণকৈ কৰা দেখা নগ’ল৷ বাজেটত গ্ৰাম্য অৰ্থব্যৱস্থা আৰু কৃষকৰ বাবে কেইবাটাও উন্নয়নমূলক আঁচনিৰ বিষয়ে নিৰ্ধাৰণ কৰিছে যদিও এই বৰ্ষত সম্পূৰ্ণকৈ ৰূপায়ণ কৰাটো সম্ভৱ হ’বনে এতিয়াই কোৱাটো টান বুলি মন্তব্য কৰিছে৷ উল্লেখ্য যে বৰ্তমানলৈকে চৰকাৰে কৃষকৰ বাবে কোনো এটাও উপযুক্ত সিদ্ধান্ত লোৱা দেখা পোৱা নাযায়৷ ফচল বীমা যোজনাৰ জৰিয়তে কিমান কৃষকে সময়মতে সা-সুবিধা লাভ কৰি উপকৃত হৈছে তাৰো সঠিক উত্তৰ নাই৷ চৰকাৰে প্ৰদান কৰা ইউৰিয়াও সহজতে লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে কৃষকসকলে৷ কিছু দিনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ কৃষকসকলে যিকোনো সুবিধাৰ পৰা বঞ্চিত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বিধানসভাৰ ওচৰত উৎপাদিত আলু দলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ 

স্থানীয় সমস্যাঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ‘মোডী ছুনামীৰ’ৰ সৈতে কোনো ৰাজনৈতিক দলেই ফেৰ মাৰিব পৰা নাছিল৷ সকলো দলৰে নিৰ্বাচনী কুচকাৱাজ তথা সমীকৰণ সলনি হৈ গৈছিল৷ মোডীৰ ধুমুহাত দেশৰ কেইবাটাও আঞ্চলিক দল বিধ্বস্ত হৈ পৰিছিল৷ কিন্তু এতিয়া ৰাজনৈতিক পৰিস্থিতি সলনি হয়৷ গুজৰাটত হাৰ্ডিক পেটেল, জিগনেশ মেৱানী আৰু আল্পেছ ঠাকুৰৰ দৰে নেতাই ৰাজনীতিলৈ আহে৷ মোডীৰ জোৱাৰ আতৰ কৰি হাৰ্ডিক পেটেল, জিগনেশ মেৱানী আৰু আল্পেছ ঠাকুৰে বৰ্তি থাকিবলৈ সক্ষম হয়৷ দলিতৰ আন্দোলন আৰম্ভ হৈছিল৷ আনহাতে ৰাজস্থানৰ উপ-নিৰ্বাচনৰ সময়ত কিছুদিনৰ পূৰ্বে মুক্তিপ্ৰাপ্ত ‘পদ্মাৱত’ ছবিখনে স্থানীয় লোকসকলৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিছিল৷ অসমতো চৰকাৰে বিভিন্ন উৎসৱ পাৰ্বন অনুষ্ঠিত কৰি আহিছে৷ গ্ৰাম্য অঞ্চলৰ অৱস্থা অধ্যয়ন কৰাৰ পৰিবৰ্তে ৰং-চঙীয়া কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হে পৰিলক্ষিত হৈছে৷

         
পাকিস্তানৰ সন্ত্ৰাসবাদীৰ আক্ৰমণঃ চীন আৰু পাকিস্তানৰ গতি বিধি সীমান্তত বৃদ্ধিয়েও নিৰ্বাচনত মোডীৰ চিন্তাৰ কাৰণ হ’ব পাৰে৷ ডকলামত সমস্যা সমাধানত বিফল বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ কংগ্ৰেছ চৰকাৰৰ শাসনকালত বিজেপি নেতাসকলে পাকিস্তানৰ সৈতে সম্পৰ্ক কৰাৰ বিষয়টোৰ ওপৰত চৰকাৰক বহু ঠাট্টা-মস্কৰা কৰিছিল৷ এজনক মাৰিলে দহজনক মৰাৰ যি হুংকাৰ দিয়া হৈছিল সেয়া কাৰ্যত দেখা নগ’ল৷ নতুন চৰকাৰ গঠন হোৱাৰ পাছতো তাৰ স্থিতি একেই থাকিল৷ পাকিস্তানৰ আক্ৰমণৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে যুদ্ধ বিৰতি চুক্তি উলংঘন কৰি আহিছে বাৰে বাৰে৷ যাৰ বাবে বৰ্তমানেও দিনে দিনে জোৱান শ্বহীদ হোৱাৰ খবৰ প্ৰচাৰ হয়৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে পাকিস্তানৰ সৈতে সীমান্তত হৈ থকা সমস্যাক ৰোধ কৰিবলৈ চাৰ্জিকেল ষ্ট্ৰাইক সম্পন্ন কৰা বুলি ব্যাপক প্ৰচাৰ চলাইছিল যদিও সীমান্তৰ সন্ত্ৰাসবাদীৰ সমস্যা প্ৰতিৰোধ কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন হয়৷ বৰঞ্চ সংঘৰ্ষ দিনে দিনে বাঢ়িহে আহিছে৷

বাতৰিটো প্ৰস্তুত কৰোতে এনডিটিভিৰ পৰা সহায় লোৱা হৈছে