ডিফুঃ আসন্ন ২০১৯ লোক সভা নিৰ্বাচনৰ ৩ নং ডিফু (জনজাতি) লোক সভা সমষ্টিত এজন সাংসদ নিৰ্বাচনৰ বাবে কাৰবি আংলং জিলা উপায়ুক্ত কাৰ্যালয়েও ব্যাপক প্ৰস্তুতি চলাইছে৷ সমষ্টিটোত আসন্ন লোক সভা নিৰ্বাচনটি যাতে সুকলমে আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে পাৰ হয় তাৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ে ডিফুস্থিত উপায়ুক্ত কাৰ্যালয়ত ক্ৰমে, ব্যক্তিগত ব্যৱস্থাপনা কোষ, আদৰ্শ আচৰণ বিধি কোষ, প্ৰচাৰ ব্যৱস্থাপনা কোষ, ব্যয় কোষ, কল্যাণ কোষ, স্বাস্থ্য কোষ গঠন কৰি কোষ সমূহক নিজৰ নিজৰ দায়িত্ব অৰ্পণ কৰিছে৷
বিগত দুদিনত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ মণ্ডলৰপৰা ব্যয় পৰ্যবেক্ষক আই আৰ এছ ছৈ কানথাং ডিফু বোকাজান, হামৰেণ আৰু ডিমা হাচাও পৰিদৰ্শন কৰি কোষ সমূহৰ লগতে বিভিন্ন ৰাজনৈতিক দল সমূহৰ ব্যয় সংক্ৰান্তীয় দিশ সমূহ পৰ্যবেক্ষণ কৰে৷
আসন্ন লোক সভা নিৰ্বাচনৰ কালছোৱাত কেন্দ্ৰৰপৰা বিভিন্ন কোষৰ উচ্চস্তৰীয় বিষয়াসকলে জিলাখন পৰিদৰ্শন কৰি কোষ সমূহৰ কাম-কাজৰ বুজ ল’ব বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমক জানিবলৈ দিছে৷