ডিজিটেল ডেস্কঃ সকলোকে এৰি অচিনা দেশলৈ গ’ল মোহময়ী অভিনেত্ৰী শ্ৰীদেৱী৷ ৫৪ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় বলিউডৰ ডিবা মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীয়ে৷ অভিনেতা মোহিত মাৰৱাহৰ ডুবাইত অনুষ্ঠিত হোৱা বিয়াৰ পাৰ্টিত অংশ লবলৈ গৈছিল শ্ৰীদেৱীয়ে৷
ডুবাইৰ হোটেলত হৃদৰোগত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীয়ে অকাল মৃত্যুক আকোৱালি লয়৷ তেওৰ মৃত্যুত সমগ্ৰ দেশে ম্ৰিয়মান হৈ পৰে৷ কিন্তু অভিনেত্ৰীগৰাকীৰ মৃত্যুক লৈ উত্থাপন হ’ব ধৰিছে নানান প্ৰশ্ন৷ ডুবাইৰ সংবাদ মাধ্যমৰ খবৰ মতে, যোৱা ৪৮ ঘন্টা ধৰি নানান ধৰণৰ তদন্ত আৰম্ভ কৰিছে৷