ডিজিটেল ডেক্সঃ এদিন নহয় দুদিন নহয় বা এমাহ-দুমাহ নহয়, প্ৰায় চাৰি বছৰ আত্মীয়জনৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ থকাৰ পাছত অহা বেয়া খবৰটোৱে এতিয়া পাঞ্জাৱত কন্দুৱাইছে বহু পৰিয়ালক৷ ইৰাকৰ মছুল চহৰত আইছিছে ৩৯ জন ভাৰতীয় শ্ৰমিকক হত্যা কৰাৰ তথ্য বিদেশ মন্ত্ৰী সুষমা স্বৰাজে সংসদত দাখিল কৰাৰ লগে লগে কান্দোনৰ ৰোল উঠিছে পৰিয়ালসমূহত৷
২৫ বছৰীয়া মনজিন্দৰ সিং দুৰ্ভগীয়া দলটোৰ এজন আছিল৷ মৃত মনজিন্দৰৰ জ্যেষ্ঠ ভগ্নী গুৰপিন্দৰ কৌৰে এই চাৰি বছৰত তেওঁৰ ভাতৃক উদ্ধাৰৰ বাবে চৰকাৰৰ দুৱাৰে দুৱাৰে তাঁত-বাতি কৰাৰ লগতে ১৫ বাৰ দিল্লীলৈ আহিছিল৷ ইমানৰ পাছতো তেওঁ নিজ ভাতৃক সন্ত্ৰাসবাদীৰ কবলৰ পৰাতো বচাব নোৱাৰিলেই, ৩৯ জন ভাৰতীয়ৰ মৃত্যুৰ বাতৰিটোও টিভিৰ নিউজতহে পালে৷
অকল পাঞ্জাৱৰ অমৃতসৰ জিলাতে এনে ছটা দুৰ্ভগীয়া পৰিয়াল আছে৷ আপোনজনক হেৰুৱাই চকুৰ পানীৰে বাট নেদেখা হোৱা পৰিয়ালকেইটাই ভুৱা এজেন্টৰ প্ৰতাৰণাৰ বাবেই তেওঁলোকে ২০-২৫ বছৰীয়া উঠি অহা ডেকাসকলক হেৰুৱালে বুলি অভিযোগ কৰে৷ গুৰপিন্দ কৌৰে কয় যে, ২০১৩ চনত তেওঁৰ ভাতৃ মনজিন্দৰে শ্ৰমিক হিচাপে ইৰাকলৈ যাবলৈ সিদ্ধান্ত লয়৷
ইয়াৰ বাবে মনজিন্দৰে এজেন্টজনক দুই লাখ টকা দিছিল৷ পঞ্জীয়নবিহীন এজেন্টজনে মনজিন্দৰক ইৰাকৰ তুলনামূলকভাৱে সুৰক্ষিত এৰবিল প্ৰদেশলৈ লৈ যাব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও তেওঁক বাগদাদলৈহে লৈ যায়৷ তাৰপৰাই তেওঁক নিয়া হয় যুদ্ধজৰ্জৰ মছুললৈ৷ কম শিক্ষিত যুৱকজনক ৭০০ ডলাৰ দিয়া হ’ব বুলি কৈ তেওঁক মৃত্যু উপত্যকালৈ লৈ যোৱা হ’ল বুলি আক্ষেপ কৰে গুৰপিন্দৰ কৌৰে৷
মনজিন্দৰে পূৰ্বেও ইৰাকত কাম কৰিবলৈ গৈছিল আৰু পুনৰ দেশখনলৈ যাব বিচৰা নাছিল৷ কিন্তু দীনতাৰ বাবে তেওঁ পুনৰ জীৱন বাজিত লগাবলগীয়া হৈছিল৷ একেই পৰিৱশ বাবোৱাল গাঁৱৰ ২৩ বছৰীয়া হৰশিমৰণজিৎ সিঙৰ ঘৰতো৷ এতিয়া পলায়ন কৰি থকা একেজন এজেন্টে হৰশিমৰণজিতকো ৩ লাখ টকাৰ বিনিময়ত আফগানিস্তানত চাকৰি দিব বুলি কৈ লৈ গৈছিল ইৰাকলৈ৷ মৃত হৰশিমৰণজিতক ভাতৃ প্ৰতীম বুলি ভালৰী লগাই এজেন্টজনে পিঠিত ছুৰি হানিলে বুলি কৈ কান্দোনত ভাগি পৰে হৰশিমৰণজিতৰ ভগ্নী সুখদীপ কৌৰ৷
এই দুখজনক ঘটনাৰ পাছত পাঞ্জাব চৰকাৰে এনে ভুৱা এজেন্টৰ সন্দৰ্ভত প্ৰশাসন জ্ঞাত বুলি প্ৰকাশ কৰিছে৷ আৰক্ষীৰ মতে, চাৰিখন জিলা ক্ৰমে কাপুৰথালা, হোছিয়াৰপুৰ, জলন্ধৰ আৰু ছহিদ ভগত সিং নগৰত ট্ৰেভেল এজেন্টৰ প্ৰতাৰণাৰ বিৰুদ্ধে ২২২টা গোচৰ ৰুজু হৈছে আৰু ৯২ জনক গ্ৰেপ্তাৰ কৰা হৈছে৷