ডিজিটেল ডেস্কঃ যোৱা ৪ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা ৩৯ ভাৰতীয়ৰ মৃতদেহ অৱশেষত উদ্ধাৰ হ’ল৷ ইৰাকৰ মচুলত আইএছআইৰ গণকবৰত উদ্ধাৰ হোৱা মৃতদেহ বাগদাদত ডিএনএ পৰীক্ষা কৰাৰ অন্তত নিৰুদ্দেশ হৈ থকা ৩৯ ভাৰতীয়ৰ বুলি নিশ্চিত হৈছে৷ মৃতদেহ সমূহ ভাৰতীয়ৰে আছিল বুলি মঙলবাৰে বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে সদৰী কৰাৰ পিছতে বিষয়টোক লৈ গৰম হ’ব ধৰিছে ৰাজনৈতিক পৰিৱেশ৷ 

মচুলত বন্দী হৈ থকা ভাৰতীয়কেইজনৰ উদ্ধাৰৰ বাবে চৰকাৰে তত্পৰতা নেদেখুওৱা বুলি অভিযোগ উত্থাপন হৈছে৷ চৰকাৰে, কিয় বাৰে বাৰে তেওঁলোক জীয়াই আছে বুলি কৈ আহিছিল তাক লৈয়ো চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হৈছে৷ 

যদি জীয়াই আছিলেই, তেন্তে কিয় চৰকাৰে কোনোধৰণৰ ব্যৱস্থা নললে তেওঁলোকক উদ্ধাৰৰ বাবে৷ বিষয়টো কিয় ভাৰতত অন্ধকাৰত ৰখা হল৷ এনেধৰণৰেই নানা প্ৰশ্নৰ উত্থাপিত হৈছে শাসকীয় মোডী চৰকাৰখনৰ বিৰুদ্ধে। বিষয়টোত চৰকাৰৰ সদিচ্ছাৰ ওপৰত প্ৰশ্ন তুলি বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ মাজতে আপ দলে চৰকাৰক সমালোচনাৰ মাজেৰেই প্ৰশ্ন উত্থাপন কৰি কয়-এনে ভূমিকাৰ বাবে দায় কোনে মুৰ পাতি ল'ব?

উল্লেখ্য যে, ২০১৪ চনৰ ইৰাকৰ মাচুল চহৰত নিৰুদ্দশ হেছিল ৩৯ গৰাকী ভাৰতীয়৷ লোক কেইজনৰ লোকৰ ইতিমধ্যে মৃত্যু হৈছে এয়া খাতাং হৈ পৰিছে৷ ইতিমধ্যে বিদেশ মন্ত্ৰাণালয়ে আৰু বিদেশ মন্ত্ৰীয়ে নিৰুদ্দেশ হোৱা হোৱা লোকসকলক আইএছআইয়ে হত্যা কৰিছে বুলি কয়৷  

পাহাৰত গাত খান্দি ভাৰতীয় লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ উদ্ধাৰ হোৱা ৩৯ গৰাকী লোকৰ মৃতদেহ পাঞ্জাৱৰ অমৃতচৰলৈ লৈ আহিব চৰকাৰে৷ আনহাতে প্ৰাক্তন সেনা প্ৰধান বিকে সিঙে ইৰাকৰ মাচুল চহৰৰ পৰা মৃতদেহ ভাৰতলৈ লৈ আহিব বুলি কয়৷ ইয়াৰ মাজত চৰকাৰে এই কথা স্পষ্ট কৰোতে ইমান সময় লাগিল কিয় তাক লৈ চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে নানা প্ৰশ্ন৷  

মঙলবাৰে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে ভাৰতীয় কেইজনৰ মৃত্যু হোৱা বুলি কোৱাত দেশত চাঞ্চল্যৰ সৃষ্টি হয়৷ আনহাতে আইএছআইৰ কৱলৰ পৰা পলায়ন কৰি অহা  
ভৰতীয় হৰজিত মচীহক মিছলীয়া আখ্যা দিয়ে৷ হৰজিত মচীহৰ কাহিনী সত্য নাছিল বুলি কয় সুষমাই৷ হৰজিত মচীহই কৈছিল আইএছআইয়ে ৩৯ ভাৰতীয়ক হত্যা কৰা বুলি৷ যি কথা তিনিবছৰ পূৰ্বেই হৰজিত মচীহই কৈছিল সেই কথা আজি কয় সুষমা স্বৰাজে৷ 

হৰজিত মচীহই তেওৰ নাম সলনি কিৰ আলী ৰাখে৷ তেওঁ বাংলাদেশৰ গোটৰ সৈতে ইৰবিললৈ যায়৷ তাৰ পৰা তেওঁ সুষমাক ফোন কৰিছিল৷ আইএছআইয়ে অপহৰণ কৰা লোকসকলক এটা টেক্সটাইল কোম্পানীত ৰাখিছিল৷ তেওঁলোকৰ সৈতে বাংলাদেশী নাগৰিকো আছিল৷ 

পিছত আইএছে ভাৰতীসকলক বাংলাদেশী আৰু ভাৰতীয় সুকীয়া সুকীয়াকৈ ৰাখে৷ সেই সময়ত ভাৰতীয় হৰজিত মচীহই নাম সলনি কৰি বাংলাদেশীৰ সৈতে ইৰবিললৈ গুছি আহে৷ সুষমা আৰু কয় ‘‘হৰজিত মচীহক সেই সময়ত মই সুধিছিলো তুমি কেনেকৈ ইৰবিললৈ আহিলে৷ তেতিয়া তেওঁ কৈছিল আপুনি মোক ইয়াৰ পৰা উদ্ধাৰ কৰক৷’’  

সুষমা বহু কথা কয় যদিও ভাৰতীয় মৃত্যু কেতিয়া হৈছিল কেই কথা উল্লেখ নকৰিলে৷ এই সময়ত চৰকাৰে এনে কি তদন্ত কৰিলে যাৰ দ্বাৰা চৰকাৰে কব পাৰিলে যে ভাৰতীয়সকল জীয়াই আছিল৷ যোৱা তিনিবছৰ চৰকাৰে মিছা মাতি আছিল নেকি তাক লৈ উত্থাপন হৈছে প্ৰশ্ন৷ ৩৯টা ভৰতীয় পৰিয়ালক যোৱা তিনিবছৰে মিছা প্ৰতিশ্ৰুতি কিয় দিলে তাক লৈ উত্থাপন হৈছে প্ৰশ্ন৷

ইৰাকত নিৰুদ্দেশ মনজিন্দৰ সিঙৰ ভগ্নী গুপিন্দৰ কৌৰে কয় ‘‘সুষমাই কিয় কৈ আছিল মোৰ ভাই জীয়াই থকা বুলি৷ মই কাক বিশ্বাস কৰিম৷ মই তেওৰ সৈতে কথা পাতিব খোজো৷ আমাক আজিলৈ কোনো ধৰণৰ তথ্য দিয়া নহ’ল৷ আমি যি খবৰ পাইছিলো সেয়া কেৱল সংসদত দিয়া ভাষণৰ জৰিয়তে পাইছিলো৷’’

আন এগৰাকী লোকে কয় ‘‘মোৰ ভাতৃক উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল৷ তাৰ পিছৰে পৰা তাৰ কোনো খবৰ নাই৷ দুবাৰ মোৰ ডিএনএ পৰীক্ষা কৰা হৈছে৷ কিন্তু মোৰ ভাতৃৰ কোনো তথ্য নাই৷’’

আনহাতে বিৰোধীয়ে তীব্ৰ আক্ৰমণ কৰে চৰকাৰক৷ কংগ্ৰেছ নেতা শশী থাৰুৰে কয় ‘‘সুষমাৰ মন্তব্যত গভীৰ প্ৰশ্নৰ উদয় হৈছে৷ এয়া প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে দূখৰ খবৰ৷ চৰকাৰ এই কথা স্পষ্ট কৰিবলৈ ইমান সময় কিয় ললে৷ এই ঘটনা কেতিয়া সংঘটিত হৈছে আৰু কেনেদৰে সংঘটিত হৈছে সেই কথা চৰকাৰে কব লাগে৷ চৰকাৰে মানুহৰ অন্তৰত ইমান আশ্বাস দি ৰখাটো ভুল৷ সুষমাই কিছুদিনৰ পৰা সৰু লৰা ছোৱালীৰ দৰে বিপথে পৰিচালিত কৰিব বিছাৰে৷

চৰকাৰে যিখন জেলত ভাৰতীয়সকলক থকা বুলি কৈ আছিল সেই খন জেল ইতিমধ্যে বন্ধ হৈছে৷ ইৰাকৰ প্ৰধানমন্ত্ৰী হাইদৰ আহাদীয়ে ইৰাক চহৰ এবছৰ পূৰ্বে আইএছআইৰ পৰা মুক্ত বুলি দাবী কৰিছিল যদিও ভাৰত চৰকাৰে ইমান সময় কিয় লগালে ভাৰতীয় সকলৰ তথ্য সংগ্ৰহত৷ 

সুষমা স্বৰাজে নিৰুদ্দেশ ভাৰতীয়সকলৰ তথ্য টুইট কৰি আপডেট দি আছিল৷ কিন্তু ২০১৪ চনৰ পিছত এবাৰো স্থিতি স্পষ্ট কৰা নাছিল৷ ইমান বছৰে কি তথ্যৰ ভিত্তিত কৈ আছিল ভাৰতীয়সকল জীয়াই থকা বুলি সেই প্ৰশ্ন উত্থাপন হৈছে৷