মাৰ্ঘেৰিটাঃ এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গ'ল মাৰ্ঘেৰিটা নগৰবাসীক। তিনিচুকীয়া জিলাৰ এই নগৰখনত বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত এক অঘটনে এটি পৰিয়াললৈ নমাই আনে ঘোৰ অমানিশা।
প্ৰাপ্ত বাতৰি মতে, চহৰখনৰ নিবাসী বিচিত্ৰ বৰুৱা নামৰ লোকজনে এঠাইলৈ যাবলৈ বুলি গেৰেজৰ পৰা গাড়ীখন উলিয়াই ঘূৰাবলৈ লওতেই চকাৰ তলত সোমাই পৰে চোতালত খেলি থকা তেওঁৰ তিনিবছৰীয়া সন্তানটি।
পিতৃৰ লগতে পৰিয়ালৰ আন সদস্যসকলৰ অসাৱধনতাৰ বাবেই এনেদৰে গাড়ীৰ চকাৰ তলত সোমাই গুৰুতৰভাৱে আহত হয় জ্ঞানদ্বীপ বৰুৱা নামৰ কণমানিটি। লগে লগে পৰিয়ালটোৰ মাজত হুৱা-দুৱা লাগে।
ততাতৈয়াকৈ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় যদিও আধা বাটতে মৃত্যুক সাবটি লয় কণমানিটোৱে। এনেদৰে নিজৰ ভুলৰ বাবে মৰমৰ সন্তানটিক হেৰুৱাই এতিয়া শোক আৰু হতাশাত ভাগি পৰিছে পিতৃ-মাতৃ তথা পৰিয়ালৰ আন সদস্যসকল।