ডিজিটেল ডেস্কঃ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক হত্যাৰ চেষ্টা কৰা ৪৯ গৰাকী অভিযুক্তক মৃত্যুদণ্ডৰ ৰায় দিয়াৰ সপক্ষে বাংলাদেশৰ চৰকাৰ৷ বাংলাদেশ চৰকাৰী পক্ষই আদালতত এই যুক্তি প্ৰদৰ্শন কৰে৷ ২০০৪ চনৰ ২১ আগষ্টত বাংলাদেশৰ জনপ্ৰিয় নেত্ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক হত্যাৰ চেষ্টা চলাইছিল ৪৯গৰাকী লোকে৷
বংগ বন্ধু এভিনিউত ২০০৪ চনৰ ২১ আগষ্টত প্ৰধানমন্ত্ৰী হাছিনা উপস্থিত থকা এখন জন সভাত গ্ৰেনেটেৰে আক্ৰমণ কৰিছিল দুৰ্বৃত্তই৷ আক্ৰমণত কথমপি ৰক্ষা পৰিছিল হাছিনাৰ৷ আক্ৰমণত আগামি লীগৰ নেত্ৰী আইভি ৰহমান সহ ২২গৰাকী লোকৰ মৃত্যু হৈছিল৷ বহু লোক পংগু অৱস্থাত আজিও জীয়াই আছে৷
ঘটনাৰ অভিযুক্ত ৪৯ গৰাকী লোকক সোমবাৰে ঢাকাৰ নাজিমুদ্দিন ৰোডৰ কেন্দ্ৰীয় কাৰাগাৰ সংলগ্ন বিশেষ আদালতত বিচাৰ পৰ্ব আৰম্ভ হয়৷ চৰকাৰী পক্ষৰ অধিবক্তা ৰেজাউল ৰহমানে এই ঘটনাৰ সৈতে জড়িত আটাইকেইজনকে মৃত্যুদণ্ডৰে শাস্তি প্ৰদানৰ বাবে যুক্তি প্ৰদৰ্শন কৰে৷ ২৭ ডিচেম্বৰত ২৪৫ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰি আদালতে দুয়ো পক্ষৰ যুক্তি শুনে৷