ডিজিটেল ডেস্কঃ ধৰ্মৰ নামত ভাৰতবৰ্ষত ৰাজনীতি ডাঙৰ কথা নহয়৷ দশক দশক ধৰি ৰামমন্দিৰ আৰু বাবৰি মছজিদৰ নামত ৰাজনীতি ভাৰত বৰ্ষত চলি আহিছে৷ নেতাই ধৰ্ম অবিহনে নেতাই হ’ব নোৱাৰে৷ ইয়াৰ মাজতে ৫ গৰাকী সাধুক প্ৰতিমন্ত্ৰীৰ মৰ্যদা প্ৰদান কৰে মধ্যপ্ৰদেশ চৰকাৰে৷ 

সাধু বাবা নৰ্মদানন্দ মহাৰাজ, হৰিহৰনন্দা মহাৰাজ, কম্পিউটাৰ বাবা, ভাইয়ু মহাৰাজ আৰু পণ্ডিত যোগেন্দ্ৰ মহান্তক কেবিনেট মৰ্যদা প্ৰদান কৰা হয়৷ নৰ্মদা নদী ৰক্ষাৰ বাবে চৰকাৰে গঠন কৰা সমিতিত ৫ সাধু বাবাৰ নাম অন্তৰ্ভুক্ত কৰাৰ পাছতেই এই মৰ্যদা লাভ কৰে৷ 

এই সমিতিৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে প্ৰতিমন্ত্ৰীৰ মৰ্যদা দিয়া হয়৷ ইতিমধ্যে ধৰ্মীয় আৱেগ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হয়৷ 

কংগ্ৰেছ নেতা পংকজ চতুৰ্বেদীয়ে এয়া ৰাজনৈতিক খেলাৰ বাহিৰে আন একো নহয় বুলি কয়৷ মুখ্যমন্ত্ৰীয়ে ভাবিছে নিজৰ পাপ ধুই পেলাব পাৰিব৷ নৰ্মদা ৰক্ষাৰ নামত কি হৈছে সেই কথা চৰকাৰে নাজানে বুলিও কয় কংগ্ৰেছ নেতা পংকজে৷

মধ্যপ্ৰদেশ বিজেপিৰ মুখপাত্ৰ ৰদনীশ আগৰৱালাই সাধুৰ বাবে ভাল কৰিলে সেই কথা কংগ্ৰেছে ভাল নাপায় বুলি কয়৷ এই ৫ সাধুক প্ৰতিমন্ত্ৰীৰ মৰ্যদা দিয়াৰ ফলত চৰকাৰে নৰ্মদা ৰক্ষাৰ বাবে কাম কৰিব পাৰিব৷