কহিমাঃ নাগালেণ্ড নিৰ্বাচন আয়োগৰ মতে, নগালেণ্ডত ১ বজালৈকে ৫৬ শতাংশ লোকে ভোটদান সাব্যস্ত কৰে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদানে অভিলেখ গঢ়ি ১ বজালৈকে ৫৬ শতাংশ লোকে ভোটদান কৰে৷ চহৰ অঞ্চলৰ তুলনাত গ্ৰাম্য এলেকাত ৰাইজে অত্যাধিক ভোটদান প্ৰদান কৰে৷ মঙলবাৰে পুৱা ৭ বজাৰ পৰা নাগালেণ্ডত ভোটদান অনুষ্ঠিত হৈছে৷
৫৯টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে। সমগ্ৰ ৰাজ্যত ভোটদান ৪ বজালৈ অনুষ্ঠিত হ’ব যদিও কেইখনমান জিলাত ৩ বজাতে সমাপ্ত হ’ব। নিৰ্বাচন আয়োগৰে জনোৱা মতে, ২৮১টা অৰ্ধসামৰিক বাহিনীৰ কোম্পেনী মোতায়ান কৰা হৈছে শান্তিপূৰ্ণ ভোটদানৰ বাবে। নিৰ্বাচন আয়ুক্ত অভিজিত সিনহাই ২১৫৬ ভোট কেন্দ্ৰৰ ভিতৰত ১,১০০ টা অতি স্পৰ্শকাতৰ ৫৩০টা স্পৰ্শকাতৰ আৰু ৫২৬টা নৰ্মেল ঘোষণা বুলি কয়। প্ৰতিটো ভোট কেন্দ্ৰত অৰ্ধসামৰিক বাহিনী আৰু স্থানীয় আৰক্ষী নিয়োগ কৰা হৈছে।