গুৱাহাটীঃ বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে বৃহস্পতিবাৰে দলৰ ৰাজ্যিক নীতি নৰ্ধাৰণ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ লগতে আন কেইবাগৰাকী নেতা-বিধায়ক শেহতীয়াকৈ নাৰাজ হৈ পৰিছে বুলি খবৰ আহিছে৷ 

বিজেপিৰ মন্ত্ৰী সভা সম্প্ৰসাৰণ কৰাৰ পিছতে নাৰাজ বিধায়কৰ তালিকা দীঘল হৈ পৰিছে৷ জানিব পৰা মতে, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, দিছপুৰৰ বিধায়ক অতুল বৰা, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা, বৰাকৰ বিজেপিৰ সংখ্যালঘু নেতা তথা সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰ, মৰিগাৱৰ বিধায়ক ৰমাকান্ত দেউৰী আদি নাৰাজ হৈ পৰিছে৷ 

বুধবাৰে নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰাৰ পিছতে বিজেপিত ভিতৰ চৰাত ধুমুহাৰ সৃষ্টি কৰে৷ এজনৰ পিছত এজন বিজেপি নেতা-কৰ্মী নাৰাজ হৈ পৰাৰ পিছতে বিপাঙত পৰে ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক বিজেপি৷ 

ৰাজ্যিক বিজেপিৰ নীতি নিৰ্ধাৰণ সমিতিৰ অধ্যক্ষ পদৰ পৰা বৃহস্পতিবাৰে পুৱাই বিজেপি নেতা তথা বিধায়ক প্ৰশান্ত ফুকনে পদত্যাগ কৰে৷ মন্ত্ৰিত্ব নোপোৱাৰ বাবেই পদত্যাগ কৰা বুলি চৰ্চা আৰম্ভ হৈছে ফুকনে৷ 

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছতে মধ্য অসমতো ক্ষোভৰ জুই জ্বলিছে৷ মৰিগাঁৱত কেইবাটাও তিৱা সংগঠনে ৰমাকান্ত দেউৰীক মন্ত্ৰিত্ব প্ৰদান নকৰাত প্ৰতিবাদ সাব্যস্ত কৰে। ৰমাকান্ত দেউৰীক মন্ত্ৰিত্ব প্ৰদান নকৰা কাৰ্যৰ দ্বাৰা তিৱা জনগোষ্ঠীক অন্যায় কৰা বুলি কয় সংগঠনসমূহে৷

আনহাতে মুছলমান সম্প্ৰদায়ৰ লোকৰ মনত দুখ দিছে বুলি অভিযোগ উত্থাপন কৰে বৰাকৰ সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰে। লস্কৰে মন্ত্ৰিত্ব লাভ নকৰাত হজ সমিতিৰ পৰা পদত্যাগ কৰে৷ সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰে সংখ্যালঘু বিধায়কে মন্ত্ৰিত্ব লাভ নকৰাটোৱে মুছলমান সম্প্ৰদায়ক দূখ দিয়া বুলি কয়৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত স্থান লাভ কৰা ৭ গৰাকী নতুন মন্ত্ৰীয়ে শপত লয়৷ বুধবাৰে সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণত স্থান পোৱা বিধায়কসকলৰ নাম ঘোষণা কৰিছিল চৰকাৰে৷ ইয়াৰ পাছতেই মন্ত্ৰীত্ব লাভ নকৰাত দুখ প্ৰকাশ কৰিছিল কেইবাগৰাকীও বিধায়কে৷ 

কিন্তু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা সম্প্ৰসাৰিত মন্ত্ৰীসভাতখনত স্থান লাভ কৰা ৭গৰাকী নতুন মন্ত্ৰীয়ে বৃহস্পতিবাৰে ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰোৱাৰ লগতে মন্ত্ৰী কেইজনে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে৷ 

ৰাজভৱনত সিদ্ধাৰ্থ ভট্টাচাৰ্য, ছুম ৰংহাং, চন্দন ব্ৰহ্ম আৰু ফণীভূষণ চৌধুৰীয়ে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বিপৰীতে ভৱেশ কলিতা, তপন গগৈ আৰু পীয়ুষ হাজৰিকাই স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ বিধায়কে মন্ত্ৰীৰূপে শপত লৈ থকাৰ সময়তে বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে দলৰ ৰাজ্যিক নীতি নৰ্ধাৰণ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে আৰু আমিনুল হক লস্কৰে হজ সমিতিৰ পৰা পদত্যাগ কৰে৷

আনহাতে, সম বিকাশ আৰু সম মৰ্য্যাদাৰ শ্ল’গান দিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্প্ৰসাৰিত কৰা মন্ত্ৰীসভাত সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ বিধায়ক এগৰাকীক স্থান নিদিয়াত দুৰ্ভাগ্যজনক আখ্যা দিয়ে এবিএমছুৱে৷

অসমৰ বিজেপি চৰকাৰে দলটোত থকা এজন বিধায়কক মন্ত্ৰীত্বত স্থান নিদিয়াটোৱে বিজেপিৰ সম মৰ্যাদা আৰু সম উন্নয়নৰ বাস্তৱ ছবি উদঙাই দিছে বুলিল কৈ শৈক্ষিক, আৰ্থ-সামাজিক তথা অন্যান্য দিশত অতিকৈ পিছপৰা মুছলমান সম্প্ৰদায়টোৰ উত্তৰণৰ বাবে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে বাস্তৱমুখী ব্যৱস্থা গ্ৰহণৰ বাবে কোনো পধ্যেই প্ৰস্তুত নহয়, তাৰে এয়া এক জ্বলন্ত উদাহৰণ বুলি কয় এবিএমছুৱে৷