গুৱাহাটীঃ বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে বৃহস্পতিবাৰে দলৰ ৰাজ্যিক নীতি নৰ্ধাৰণ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ লগতে আন কেইবাগৰাকী নেতা-বিধায়ক শেহতীয়াকৈ নাৰাজ হৈ পৰিছে বুলি খবৰ আহিছে৷
বিজেপিৰ মন্ত্ৰী সভা সম্প্ৰসাৰণ কৰাৰ পিছতে নাৰাজ বিধায়কৰ তালিকা দীঘল হৈ পৰিছে৷ জানিব পৰা মতে, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, দিছপুৰৰ বিধায়ক অতুল বৰা, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা, বৰাকৰ বিজেপিৰ সংখ্যালঘু নেতা তথা সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰ, মৰিগাৱৰ বিধায়ক ৰমাকান্ত দেউৰী আদি নাৰাজ হৈ পৰিছে৷