newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ ৰেলৱে ষ্টেচনৰ পৰা সোমবাৰে সন্ধিয়া ছজনীয়া যুৱকৰ দল এটাক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ এক গোপন সুত্ৰৰ পমখেদি কোকৰাঝাৰ আৰক্ষীয়ে ৰেলষ্টেচনত অভিযান চলাই ছজনীয়া যুৱকৰ দলটোক গ্ৰেপ্তাৰ কৰিহলৈ সক্ষম হয়৷

ইয়াৰে এজন যুৱক নাবালক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়া মতে ধৃত ছজনীয়া যুৱকৰ দলটোৱে এনডিএফবি (এছ)ত যোগদান কৰি অস্ত্ৰ প্ৰশিক্ষণৰ বাবে ৰেলযোগে ডিমাপুৰলৈ ৰাওনা হোৱাৰ যোজা চলাইছিল৷

সেই সময়তে কোকৰাঝাৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি কোকৰাঝাৰ ৰেল ষ্টেচনত অভিযান চলাই তেওলোকক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে সম্প্ৰতি ধৃত যুৱক সকলক কোকৰাঝাৰ সদৰথানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে যদিও তদন্তৰ খাতিৰত নাম প্ৰকাশৰ পৰা বিৰত আছে৷