41
ডিজিটেল ডেস্কঃ আফগানিস্তানৰ কাবুলৰ পৰা ৬ ভাৰতীয়ক অপহৰণ কৰাৰ খবৰ আহিছে। দেওবাৰে আফগানিস্তানৰ বাঘলান প্ৰদেশৰ এটি ভাৰতীয় নিৰ্মাণ কোম্পানীৰ ৭ গৰাকী কৰ্মচাৰীক অস্ত্ৰধাৰীয়ে অপহৰণ কৰে৷
আন্তঃৰাষ্ট্ৰীয় বাতৰি অনুসৰি, বাঘলানৰ ৰাজধানী খোমৰৰ অন্তৰ্গত বাঘ-এ-শামাল গাঁৱৰ পৰা অপহৰণ হয় ৬ ভাৰতীয় আৰু এজন আফগান কৰ্মচাৰী৷ নিৰ্মাণ কোম্পানীটোৰ বিদ্যুত যোগান কেন্দ্ৰলৈ যোৱাৰ পথতে অপহৃত হয় কৰ্মচাৰী কেইজন৷