ডিজিটেল ডেস্কঃ আফগানিস্তানৰ কাবুলৰ পৰা ৬ ভাৰতীয়ক অপহৰণ কৰাৰ খবৰ আহিছে। দেওবাৰে আফগানিস্তানৰ বাঘলান প্ৰদেশৰ এটি ভাৰতীয় নিৰ্মাণ কোম্পানীৰ ৭ গৰাকী কৰ্মচাৰীক অস্ত্ৰধাৰীয়ে অপহৰণ কৰে৷ 

আন্তঃৰাষ্ট্ৰীয় বাতৰি অনুসৰি, বাঘলানৰ ৰাজধানী খোমৰৰ অন্তৰ্গত বাঘ-এ-শামাল গাঁৱৰ পৰা অপহৰণ হয় ৬ ভাৰতীয় আৰু এজন আফগান কৰ্মচাৰী৷  নিৰ্মাণ কোম্পানীটোৰ বিদ্যুত যোগান কেন্দ্ৰলৈ যোৱাৰ পথতে অপহৃত হয় কৰ্মচাৰী কেইজন৷

আনহাতে এই অপহৰণ কাণ্ডৰ আঁৰত তালিবানৰ হাত থকা বুলি দাবী কৰিছে বাঘলান প্ৰশাসনে৷ অৱশ্যে এই পৰ্যন্ত কোন সংগঠনে এই ঘটনা সংঘটিত কৰিছে সেই কথা স্বীকাৰ কৰা নাই৷