ৰঙিয়া/গুৱাহাটীঃ বহু জল্পনা কল্পনাৰ অন্তত ৰাজ্যৰ চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰী সভা সম্প্ৰসাৰণ কৰিলে৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰীসভাত ৭জনকৈ নতুন মন্ত্ৰীয়ে ঠাই লাভ কৰিব৷ মন্ত্ৰীসভাত মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ বিপিএফৰ এগৰাকী আৰু অগপৰ এগৰাকী আৰু বাকী কেইজন বিজেপিৰ বিধায়কে বৃহস্পতিবাৰে মন্ত্ৰী হিচাপে শপত লব৷
মুঠ ৭গৰাকী বিধায়কক ৰাজ ভৱনত ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰাব৷ বৃহস্পতিবাৰে ৰাজভৱনত অনুষ্ঠিত হ’বলগীয়া মন্ত্ৰীসভাৰ বৈঠকত শপত গ্ৰহণ কৰিব নতুন মন্ত্ৰীসকলে৷ ৭গৰাকী মন্ত্ৰীৰ ভিতৰত বিজেপিৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য, ফণীভূষণ চৌধুৰী, চন্দন ব্ৰহ্ম আৰু ছুম ৰংহাঙে কেবিনেট মন্ত্ৰী হিচাপে কাইলৈ শপত লব৷ আনফালে পীয়ুষ হাজৰিকা, তপন গগৈ আৰু ভৱেশ কলিতাই ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ লব বুলি জানিব পৰা গৈছে৷