ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ অনন্তনাগ আৰু চপিয়ান জিলাত কেইবাটাও অভিযান আৰু সন্ত্ৰাসবাদীৰ সৈতে সেনাৰ সংঘৰ্ষত ৮টাকৈ সন্ত্ৰাবাদীৰ মৃত্যু হয়৷ চপিয়ান জিলাত দ্ৰাগাদত ৭গৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে৷

সেনাৰ অভিযানত ৮টাকৈ মুঠ সন্ত্ৰাসবাদী নিহত হয়৷ শনিবাৰে নিশাৰে পৰা আৰম্ভ হোৱা অভিযানত এতিয়ালৈ ৬ গৰাকী সেনা জোৱান আহত হোৱাৰ লগতে ৮ সন্ত্ৰাসবাদী নিহত হৈছে৷ গোপন খবৰৰ ভিত্তিত অনন্তনাগৰ পেঠ দিয়ালগাম এলেকাত প্ৰথমে তালাচি চলাই সেনাই৷ 

তালাচি চলাই থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে সেনাক লক্ষ্য কৰি গুলী চলনা কৰে৷ সেনাই প্ৰত্যুত্তৰ দিয়াত সেনা-সন্ত্ৰাসবাদীৰ মাজত দীৰ্ঘ সময় সংঘৰ্ষ হয়৷ সংঘৰ্ষত ৬ সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ইমৰান ৰছিদ নামৰ এগৰাকী সন্ত্ৰাসবাদী ধৰা পৰে৷ 

একেটা দিনতে জম্মু কাশ্মীৰৰ চপিয়ান জিলাত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ লাগে৷ সংঘৰ্ষত ২ জন সন্ত্ৰাসবাদী নিহত হয়৷ আনহাতে দক্ষিণ কাশ্মীৰৰ সেনা আৰক্ষীৰ সংঘৰ্ষত ৪গৰাকী জোৱান আহত হয়৷

জম্মু কাশ্মীৰৰ অনন্তনাগৰ অভিযান চলি থকাৰ লগতে কাছডোবা আৰু দ্ৰাগাদ নামৰ ঠাইতো বৰ্তমানেও সংঘৰ্ষ অব্যাহত আছে৷ যোৱা ২৪ ঘন্টাত কেইবাটাও অভিযান আৰু সংঘৰ্ষৰ ফলত মুঠ ৮ সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে৷ ফলত শ্ৰীনগৰ-বৰ্ণিহাল ৰেল সেৱা বন্ধ কৰা হৈছে৷ অনন্তনাগত ইন্টাৰনেট সেৱা বন্ধ কৰা হৈছে৷