নগাঁওঃ আজি ঘোষিত ফলাফলত নগাঁও জিলাৰ উত্তীৰ্ণৰ হাৰ সন্তোষজনক৷ যাৰ বাবে নগাঁওবাসী উৎফুল্লিত হৈ পৰাৰ লগতে সৰ্বত্ৰে বৈছে উছাহৰ ঢল ৷ কিয়নো কলা আৰু বিজ্ঞান শাখাত জিলাখনৰ সৰ্বমুঠ ৯ গৰাকী মেধাৱীয়ে স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনি সৃষ্টি কৰিছে এক ইতিহাস ৷

নগাঁও চহৰস্থিত ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা কলা শাখাত এগৰাকী আৰু বিজ্ঞান শাখাত ৬ গৰাকীকে ধৰি সৰ্বমুঠ ৭ গৰাকী আৰু ৰেনেঁছা কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা কলা শাখাত এগৰাকীয়ে স্থান লাভ কৰাৰ বিপৰীতে নগাঁও মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত এগৰাকীয়ে প্ৰথম দহজনৰ ভিতৰত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে ৷

ইয়াৰে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা সকলোকে চেৰ পেলাই বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান আজুৰি অানি নগাঁও জিলাবাসীক গৌৰাম্বিত কৰি তোলা মেধাবী ছাত্ৰজন হৈছে ৰাজাবাবু শইকীয়া ৷ তেওঁ লাভ কৰিছে সৰ্বমুঠ ৪৮২ নম্বৰ ৷ এই শিক্ষানুষ্ঠানখনৰে বিজ্ঞান শাখাত ৪৭৯ নম্বৰেৰে চতুৰ্থ স্থানত সুমন চেত্ৰী, ৪৭৮ নম্বৰেৰে পঞ্চম স্থানত অংশুমান ভাৰ্গৱ, ৪৭৩ নম্বৰেৰে নৱম স্থানত মোজামিল আহমেদ, ৪৭২ নম্বৰেৰে সমুদ্ৰজিৎ বৰুৱা আৰু বাসৱ ৰঞ্জন দাহালে দশম স্থান লাভ কৰাৰ বিপৰীতে কলা শাখাত ৪৭৩ নম্বৰেৰে নম্ৰতা বৰুৱাই সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

ইফালে,নগাঁও মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত কুমাৰ ৰত্নদ্বীপে ৪৭৩ নম্বৰেৰে নৱম স্থান আৰু ৰেনেঁছা কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা ৪৭২ নম্বৰেৰে কলা শাখাত ষষ্ঠ স্থান লাভ কৰে অমানিশা বৰাই৷ উল্লেখ্য, ৰাজ্যৰ ভিতৰতে এইবাৰ নগাঁও জিলাত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হাৰ তুলনামূলকভাৱে যথেষ্ট উন্নত হোৱা দেখিবলৈ পোৱা গৈছে ৷ এইবাৰ কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ হোৱা ১৩,৯৪২গৰাকীৰ ভিতৰত উত্তীৰ্ণ হৈছে ১০,৬২৮ গৰাকী ছাত্ৰ-ছাত্ৰী ৷ উত্তীৰ্ণৰ হাৰ ৭৬.৩৪ শতাংশ৷

ইয়াৰে ২,১৪৫ গৰাকী প্ৰথম বিভাগত, ৩৭২৩ গৰাকী দ্বিতীয় বিভাগত আৰু ৪৭৬০ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷ বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা ৩১৯২ গৰাকীৰ ভিতৰত উত্তীৰ্ণ হৈছে ২৭৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী৷ উত্তীৰ্ণৰ হাৰ ৮৭.০৩ শতাংশ ৷ বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা ১৫৯৮ গৰাকীৰ ভিতৰত উত্তীৰ্ণ হৈছে ১৩০৩ গৰাকী ছাত্ৰ-ছাত্ৰী ৷ উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ৷ ইয়াৰে প্ৰথম বিভাগত ৪২১, দ্বিতীয় বিভাগত ৪৭৪ আৰু তৃতীয় বিভাগত ৪০৮ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷