ডিজিটেল ডেস্কঃ পৰ্ণগ্ৰাফিক ছাইট বন্ধ কৰা-নকৰাটো এটা বিতৰ্কৰ বিষয়। কিন্তু কিশোৰ-কিশোৰীৰ হাতত এনেধৰণৰ পৰ্ণগ্ৰাফিক ছাইটৰ প্ৰভাৱ যে কিমান বিষম হৈ উঠিব পাৰে, সেয়া উপলব্ধিৰ বিষয়। 

এনেধৰণৰেই এক ঘটনা ঘটিছে টেক্সাছত। এগৰাকী ৯ বছৰীয়া কিশোৰীক আইপেডত পৰ্ণ চাই থকা অৱস্থাত ধৰা পেলাইছে শিক্ষকে। প্ৰাথমিক বিদ্যালয়ত পঢ়া ছাত্ৰী এগৰাকীয়ে এনেদৰে পৰ্ণ চাই থকা অৱস্থাত ধৰা পৰাক লৈ চিন্তিত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ। 

আচলতে পঢ়া-শুনাৰ বাবে বিদ্যালয়ৰ তৰফৰপৰা ছাত্ৰ-ছাত্ৰীক একোটাকৈ আইপেড দিয়া হৈছিল। কিন্তু সেই আইপেডৰে চাৰ্ছ হিষ্ট্ৰী দেখি হতভম্ব হৈ পৰিল শিক্ষয়িত্ৰী। হিষ্ট্ৰীত পৰ্ণ চিনেমা চাৰ্ছ কৰাৰ দীঘল তালিকা দেখি চকু কপালত উঠিল বিদ্যালয় কৰ্তৃপক্ষৰো। 

কিন্তু পিছত ছাত্ৰীগৰাকীৰ সৈতে কথা পতাতহে উৰহিৰ ওৰ ওলাল। দৰাচলতে ছাত্ৰীগৰাকীৰ ঘৰলৈ সঘনে অহা এন্থনী গেৰে নামৰ ৩১ বছৰীয়া যুৱকজনে ছাত্ৰীগৰাকীৰ বায়েকৰ সৈতে কৰা যৌন আতিশায্য দেখিহে কৌতুহল জাগিছিল কিশোৰীগৰাকীৰ।

সেয়ে অনুসন্ধিৎসু কিশোৰীগৰাকীয়ে সেয়া দৰাচলতে কি আৰু কেনেকৈ কৰে, তাকে জানিবৰ বাবেহে কৰিছিল চাৰ্ছ।