70
কাবুলঃ আফগানিস্তানৰ ৰাজধানী কাবুলত সোমবাৰে পুনৰ আত্মঘাতী আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে। ইৰাকী দূতাবাসৰ সমুখত চলোৱা এই আক্ৰমণত এজন সুৰক্ষা কৰ্মী গুৰুতৰভাৱে আহত হোৱাৰ লগতে দূতাবাসৰ ভৱনৰ যথেষ্ট ক্ষতিসাধন হয়।
এই ঘটনাৰ মাজতে তিনি বন্দুকধাৰীয়ে দূতাবাসৰ ভিতৰত প্ৰৱেশ কৰে। প্ৰায় ৪ ঘণ্টা ধৰি অভিযান চলাই তিনিওটা বন্দুকধাৰীক ধৰাশায়ী কৰে আফগান আৰক্ষীয়ে।