ডিজিটেল ডেস্কঃ আফ্ৰিকান দেশ চোমালিয়াৰ ৰাজধানীত দেওবাৰে সংঘটিত বিস্ফোৰণত মৃতকৰ সংখ্যা ১৮৯জনলৈ বৃদ্ধি হয়৷ প্ৰায় ৪০০ লৈকে বৃদ্ধি হয় আহতৰ সংখ্যা৷ দেশৰ মন্ত্ৰণালয়ৰ সমীপতে বিস্ফোৰক ভৰ্তি ট্ৰাকেৰে বিস্ফোৰণ কাণ্ড সংঘটিত কৰে উগ্ৰপন্থীয়ে৷ দেশৰ খনৰ চৰকাৰে এই ঘটনাৰ সৈতে অল কায়দাৰ সৈতে জড়িত হৈ থকা অ’ল-চবাব সন্ত্ৰাসবাদী সংগঠন জড়িত বুলি স্পষ্ট কৰে৷
কিন্তু এতিয়ালৈ কোনো উগ্ৰপন্থী সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ চোমলিয়াত যোৱা কেবাবছৰ ধৰি সংঘটিত হৈ অহা বিস্ফোৰণ কথা আক্ৰমণৰ ঘটনাৰ ভিতৰত দেওবাৰে সংঘটিত ঘটনা আছিল শক্তিশালি আৰু ভয়াবহ৷ চিকিৎসালয়ত বহু আহতৰ অৱস্থাত সংকট জনক হোৱাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰে চৰকাৰে৷ বহু লোকক চিনাক্ত নোহোৱাকৈ কবৰ দিব লগা হ’ব পাৰে বুলি জানিব পৰা গৈছে৷