ডিজিটেল ডেস্কঃ পুনৰ সন্ত্ৰাসবাদীৰ ভয়াবহ আক্ৰমণত কপি উঠিল নিউয়ৰ্ক চহৰ। শন্তিপ্ৰিয় মানুহৰ চহৰত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত প্ৰাণ গ’ল ৮ জন লোকৰ। আহত হয় ১১ জনকৈ লোক। প্ৰায়ে থ্ৰিলাৰ বোলছবিত দেখাৰ দৰে ঘটনা সংঘটিত হ’ল নিউয়র্কৰ সদা ব্যস্ত ৰাজপথত৷
২৯ বছৰীয়া এজন ট্ৰাক চালকে কেৱল বাইক চলোৱাৰ বাবে থকা উপ-পথত তীব্ৰ গতিত ট্ৰাক চলাই। বাইক যোৱাৰ বাবে সুবিধা থকা পথত পথচাৰীয় অহা যোৱা কৰিব পাৰে৷ মঙলবাৰে সেই পথত ট্ৰাক চলাই মহটিয়াই নিয়ে পথাচাৰীক৷ এই ঘটনাত থিতাতে মৃত্যু হয় ৮ জন লোকৰ। পিছত মানুহৰ প্ৰাণ লক্ষা কৰিবৰ চালকক লক্ষ্য কৰি গুলী চালনা কৰে আৰক্ষীয়ে।