ডিজিটেল ডেস্কঃ কোনো দেশৰ মুৰব্বীয়ে প্ৰথমবাৰলৈ এছিয়া মহাদেশত একেৰাহে ১৩ দিন থাকিব৷ সেয়া আন দেশ নহয় চুপাৰ পাৱাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এছিয়া মহাদেশত অতিবাহিত কৰিব ১৩ দিন৷ চীন আৰু উত্তৰ কোৰিয়াক মুৰৰ কামোৰণি কৰি জাপানৰ সৈতে বন্ধুত্বৰ ইতিহাত ৰচনা কৰি দেওবাৰে ট্ৰাম্পে জাপানত থকা আমেৰিকাৰ সেনাৰ সন্মুখত থিয় দি জোৱানৰ সকলে দেশৰ বাবে দিয়া বলিদানৰ কথা উল্লেখ কৰে৷
আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ মাজত বাক যুদ্ধ অব্যাহত থকাৰ সময়তে ট্ৰাম্পে এছিয়া মহাদেশত ১৩ দি অতিবাহিত কৰিবলগীয়া ঘটনাক বিশ্বৰ সংবাদ মহলে বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ আমেৰিকা-উত্তৰ কোৰিয়াৰ মাজৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ সময়তে ট্ৰাম্পে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জঙক তেওৰ ঘৰত সোমাই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷