62
ডিজিটেল ডেস্কঃ আফগানিস্তানৰ অন্যতম বৃহৎ বেচৰকাৰী সংবাদমাধ্যম সংস্থা ‘চামছাদ টিভি চেনেল’ৰ কাৰ্যালয়ত মঙলবাৰে পুৱা সন্ত্রাসবাদীয়ে আক্ৰমণ চলায়। স্থানীয় সময়মতে পুৱা ১১বজাত ২ জন সশস্ত্র সন্ত্রাসবাদীয়ে কাৰ্যালয়ত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলী চালনা কৰে। বৰ্তমানলৈকে হতাহতিৰ কোনো খবৰ পোৱা হোৱা নাই৷ পুৱা কাৰ্যালয়ত বেছিভাগ সাংবাদিক-কর্মী উপস্থিত আছিল। যাৰ ফলত আহতৰ সংখ্যা বেছি হ’ব বুলি ধাৰণা কৰিছে প্ৰশাসনে৷
