ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ তানিয়া জাৰ্জলচে নাম মহিলাগৰাকীয়ে নিজৰ ৭ সন্তানক ISIS সজাব বিছাৰে।আমেৰিকাৰ আইএচআইএচৰ সদস্যৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা তানিয়া এই কথা খোদ প্ৰকাশ কৰিছিল৷ ৩৩ বছৰীয়া তানিয়াই কিদৰে আইএচআইএচৰ প্ৰভাৱত পৰে আৰু কিদৰে তাই কটৰপন্থী বিচাৰ ধাৰাক গ্ৰহণ কৰিছিল৷ আইএচআইএচৰ সদস্য সৈতে বিয়া হৈ পিচত তেওঁ সাতটা সন্তান জন্ম দি সাতোটাকে পৃথিৱীৰ সাতটা বেলেগ বেলেগ দ্বীপত আইএচআইএচৰ যুজাঁৰু ৰূপে প্ৰেৰণ কৰিব বিছাৰে৷ কিন্তু তানিয়াই মুল খুতিলৈ উভতি আহে। এতিয়া তেও শান্তিৰ বাবে কাম কৰে।
তানিয়াই ব্ৰিটেইনত থকা সময়ত তেওঁ জাতিগত ভেদ ভাৱৰ সন্মুখিন হ’ব লগা হৈছিল৷ যাৰ বাবে তেও পশ্চিমীয়া দেশক লৈ ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিল৷ তাই নিজৰ কাৰণে সন্মান বিচাৰিছিল যদিও লাভ নকৰাত কট্টৰপন্থী বিচাৰ ধাৰাৰ প্ৰতি আকৰ্ষিত হৈছিল৷