ৰঙিয়াঃ বুধবাৰে কংগ্ৰেছে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে সমগ্ৰ দেশত কলা দিৱস পালন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কংগ্ৰেছে পালন কৰাৰ এদিন পিছতে শাসকীয় বিজেপি দলে বৃহস্পতিবাৰে পালন কৰে কলা ধন বিৰোধি দিৱস৷ দেশৰ বিভিন্ন প্ৰান্তত কলা ধন বিৰোধী দিৱস পালন কৰা হয়৷ অসমতো কলা ধন বিৰোধী দিৱস পালন কৰে বিজেপিৰ নেতা-কৰ্মী, সমৰ্থকে৷
ৰঙিয়াতো বিজেপিৰ উত্তৰ কামৰূপ জিলা সমিতিয়ে ক’লা ধন বিৰোধী দিৱস পালন কৰে। ৰঙিয়াত তিনিদিনীয়াকৈ পালন কৰে কলা ধন বিৰোধী দিৱস৷ বৃহস্পতিবাৰে অন্তিম কাৰ্যসূচী ৰূপে ৰঙিয়া শ্বহীদ কৃষক ভৱনত এখন সভা অনুষ্ঠিত কৰে দলটোৱে। বিজেপিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি ৰমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত দলটোৰ কেইবাগৰাকী বিষয়-ববীয়া উপস্থিত থকে।