ডিজিটেল ডেস্কঃ ভাৰতৰ লগতে বিভিন্ন দেশত সন্ত্ৰাস চলাই অহা মৌলবাদী নেতা হাফিজ ছৈয়দক পাকিস্তান চৰকাৰে কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমেৰিকাই৷ জামাত উদ দাৱা নামৰ ইছলামীক সংগঠনটোৰ প্ৰতিষ্ঠাপক নেতা আৰু ইউ এনে শিৰৰ মুল্য ১০ মিলিয়ন আমেৰিকান ডলাৰ ঘোষণা কৰা কুখ্যাত অপৰাধী জনক বৃহস্পতিবাৰে মাজ নিশা পাকিস্তান চৰকাৰে দোষমুক্ত ঘোষণা কৰি মুকলি কৰি দিয়ে৷
চৰকাৰৰ এই সিদ্ধান্তৰ পিচতেই মুম্বাই ২৬/১১ সন্ত্ৰাসৰ মাষ্টাৰ মাইণ্ড জনৰ বিৰুদ্ধে পাক চৰকাৰ যে কঠোৰ নহয় এই লৈ ভাৰত চৰকাৰে তীব্ৰ গৰিহণা দিয়াৰ লগতে আমেৰিকাও অসন্তুস্ত হৈ পৰে৷ আমেৰিকাই কয় যে, এনে এজন কুখ্যাত অপৰাধীক এৰি দিয়াৰ পৰিনাম একেবাৰে বেয়া হ’ব৷ লগতে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে ইউ এনৰ দ্বাৰা স্বীকৃত ছৈয়দৰ দৰে অপৰাধী সকলক লৈ পাকিস্তান যে মুঠেই সচেতন নহয় এই ঘটনাই প্ৰমাণ কৰে৷