আগৰতলাঃ ত্ৰিপুৰা বিধান সভা নিৰ্বাচনলৈ মাজত মাথো ৬টা দিন। কি কংগ্ৰেছ, কি বিজেপি-সকলোৱে উঠিপৰি লাগিছে। যৎপৰনাস্তি চেষ্টা চলোৱাত পিছ পৰা নাই বাওপন্থী শাসকপক্ষও। অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মায়ঙৰ যাদুৰেহে যেন ভোট আদায় কৰিব। হিমন্ত বিশ্ব শৰ্মাই ভাষণেৰে ত্ৰিপুৰাত ভোটাৰক মোহাচ্ছন্ন কৰাৰ বিপৰীতে কংগ্ৰেছেও পুৰ্ণগতিত চলাইছে বোকা চটিওৱাৰ খেল। খেলখনত নতুন মাত্ৰা প্ৰদান কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ মন্তব্যই।
‘ত্ৰিপুৰাত বিজেপিৰ ভেঁটি তেনেই নিশকতীয়া।’ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে সোমবাৰে সংবাদ মেল অনুষ্ঠিত কৰি এই কথা অকপটে স্বীকাৰ কৰে। কংগ্ৰেছ দলে সোপন্থী ভোট বিভক্ত কৰি কংগ্ৰেছ দলটোৱে দৰাচলতে ১৮ ফেব্ৰুৱাৰীত হ’বলগীয়া বিধানসভা নিৰ্বাচনত শাসকীয় দল চিপিআই-এমক সহায়হে কৰিছে। অৱশ্যে বিজেপিৰ বিজয়ৰ বাটত এনে কাৰ্যপন্থা হেঙাৰ হিচাপে থিয় দিয়াৰ সম্ভাৱনীয়তাক নশ্চ্যাৎ কৰে সংবাদ মেল যোগে অধ্যক্ষ শ্বাহে।