ডিজিটেল ডেস্কঃ নীৰৱ মোডী এতিয়া কংগ্ৰেছৰ বাবে হাঠিয়াৰ হৈ পৰিছে৷ নীৰৱ মোডীক কেন্দ্ৰ কৰিয়েই কংগ্ৰেছৰ ইজনৰ পিছত সিজন নেতাই বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ দেশৰ দ্বিতীয়টো সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ৰূপে খ্যাত পাঞ্জাৱ নেচনেল বেংকৰ কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পিছতেই নীৰৱ মোডীক ঢাল হিচাপে লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছে৷
মোডী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈ পিএনবি কেলেংকাৰীৰ বাবে মোডী চৰকাৰক দোষাৰোপ কৰে কংগ্ৰেছে। কংগ্ৰেছে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি পাঞ্জাৱ নেচনেল বেংকৰ কেলেংকাৰী ১১,০০০ কোটি নহয় ২১,৩০৬ কোটি বুলি উল্লেখ কৰে৷ সৰ্ববৃহৎ বেংক কেলেংকাৰী আখ্যা দি এই দুৰ্নীতি বাঢ়ি গৈ ২১,২০৬ কোটি টকা হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰে কংগ্ৰেছে৷